চামগুৰিত ভুৱা উগ্ৰপন্থীৰ ধন দাবী মহিলাকঃ গ্ৰেপ্তাৰ দুই নম্বৰী উগ্ৰপন্থীটো

0
4
অপৰাধী চামেল তিৰ্কী

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ৩০ নবেম্বৰঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰদলত আজি দুপৰীয়া আৰক্ষীৰ অভিযানত এজন ভুৱা উগ্ৰপন্থীক কৰায়ত্ব কৰা ঘটনাই সমগ্ৰ জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, চামগুৰি বৰদলৰ চামেল তিৰ্কী(২৯) নামৰ যুৱকজনক আজি পুৱতিনিশা চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জীৱন পি মাৰাকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে বৰদলত অভিযান চলাই কৰায়ত্ত কৰে।

বিগত সময়ত একে গাঁৱৰে দিপীকা কেটকেটা নামৰ মহিলাগৰাকীক ৭৬৩৫৯৬০৮৯০ নম্বৰ মোবাইলেৰে এছ এম এছ কৰি পঞ্চাশ হাজাৰ টকা ধন দাবী কৰিছিল চামেল তিৰ্কীয়ে।

ধন দাবীৰ সময়ত চামেল তিৰ্কীয়ে নিজকে কাৰ্বি উগ্ৰপন্থীৰ মুখ্য সেনাধ্যক্ষ বুলি উল্লেখ কৰি ২৮ নৱেম্বৰৰ ভিতৰত পঞ্চাশ হাজাৰ টকা দিবলৈ কৈছিল।

কিন্তু ধন দাবী কৰাৰ দিনাই অৰ্থাৎ ২৬ নৱেম্বৰৰ নিশা দিপীকা কেটকেটায়ে উক্ত মোবাইল ফোনৰ গৰাকীৰ বিৰুদ্ধে চামগুৰি থানাত এজাহাৰ দাখিল কৰে।

পৰবৰ্তী সময়ত চামগুৰি আৰক্ষীই উক্ত বিষয়ত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি আজি অভিযানত বৰদলস্থিত ঘৰৰ পৰা চামেলক কৰায়ত্ত কৰাৰ উপৰিও উক্ত মোবাইল ফোনটো জব্দ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে চামগুৰি আৰক্ষীয়ে ৬৭৮/১৯ নং গোচৰত ভাৰতীয় দণ্ড বিধি আইন অনুসৰি ৫০৭/৩৮৭/৫০৬ আই পি চি ধাৰা মৰ্মে চামেল তিৰ্কীক জেইল হাজোতলৈ প্ৰেৰণ কৰে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here