প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২ ডিেচম্বৰঃ বহিঃৰাজ্যৰ পৰা অবৈধ অস্ত্ৰ সৰৱৰাহৰ চোৰাং ব্যৱসায় দিনক-দিনে বৃদ্ধি পোৱাৰ সময়তে শুক্ৰবাৰে নিশা লংকাত আৰক্ষীয়ে জব্দকৰে এটা হস্তনিৰ্মিত বন্দুকসহ ৯৪ হাজাৰ টকাৰ দুহেজাৰ টকীয়া ভাৰতীয় নোট।
এক গোপন সূত্ৰৰ ভিত্তিত নিশা লংকা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে হস্তনিৰ্মিত এছ বি বি এল বন্দুক সহ নগদ ধনখিনি।
লংকা আৰক্ষী থানাৰ অন্তৰ্গত বৰদলংৰ মঃআমিনুল হক আৰু ৰিফাতুল হক নামৰ লোকদুজনৰ ঘৰৰপৰ জব্দ কৰা হয় ধনসহ বন্দুকটো।বৰদলংৰ মঃ জাফৰ আলি নামৰ লোকজনৰ পুত্ৰ আমিনুল আৰু ৰিফাতুল হক ।
Facebook Comments