নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিল আৰু ছয় জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদানৰ দাবীত ধেমাজিত আটাছু জোঁৰ সমদল

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজিৰ জিলা পৰা ললিত শইকীয়া, ২ ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে অসমক জাপি দিব খোজা নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিলৰ দাবীত আৰু ছয় জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদানৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি সদৌ টাই আহোম ছাত্ৰ সন্থাই জোঁৰ সমদল কৰাৰ সমান্তৰালভাৱে আজি ধেমাজি জিলা সদৌ টাই আহোম ছাত্ৰ সন্থাই হাতে হাতে জোঁৰ লৈ সমদল কৰে।

লগতে ছয় জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিবৰ বাবে দাবী জনাই।

সংগঠনটিয়ে কয় এই বিলক কোনোপধ্যে মানি লোৱা নহ’ব বুলি চৰকাৰক সকিয়নী প্ৰদান কৰাৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে ধেমাজিৰ মাজ মজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজ্যখনৰ শীতকালীন অধিৱেশনত যদিহে এই বিল গৃহীত কৰে ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here