মাৰ্ঘেৰিটাত জনজাতিকৰণৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ২ ডিচেম্বৰঃ আদিবাসীসকলক  জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত পুনৰ সৰৱ হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ।

সমগ্ৰ অসমৰ লগতে আদিবাসী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আৰু পেঙেৰী আঞ্চলিক সমিতিয়ে যৌথভাৱে মাৰ্ঘেৰিটা চহৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

ছাত্ৰ সংগঠনটো উদ্যোগত ৩০ নবেম্বৰত মাৰ্ঘেৰিটাৰ চেগুণবাৰী তিনিআলিত কেইবা শতাধিক আদিবাসী লোকে জনজাতিকৰণৰ দাবীত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে চেগুনবাৰী তিনিআলিৰ পৰা সমদল কৰি মাকুম বাগান তিনিআলিত পদযাত্ৰা কৰে ।

চৰকাৰে জনজাতিকৰণৰ নামত জনগোষ্ঠীটোক কৰি অহা প্ৰতাৰণা বাবে ছাত্ৰ সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।

মাৰ্ঘেৰিটাত অনুষ্ঠিত এই মানৱ শৃংখল কাৰ্যসূচীত উপস্থিত থাকে আদিবাসী ছাত্ৰ  সংগঠনটোৰ জিলা সমিতিৰ উপ-সভাপতি সুৰেশ ভূমিজৰ লগতে মাৰ্ঘেৰিটা আৰু পেঙেৰীৰ আঞ্চলিক সমিতিৰ সভাপতি আৰু সম্পাদক সহ  কেইবাখনো শাখা সমিতিৰ কৰ্মকৰ্তাসকল ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here