শিল্পগ্ৰামত এন ই ইণ্টাৰনেশ্বনেল ফেছন উইক

0
5

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২ ডিচেম্বৰঃ অহা ৬ আৰু ৭ ডিচেম্বৰত শিল্পগ্ৰামত অনুষ্ঠিত হ’ব এন ই ইণ্টাৰনেশ্বনেল ফেছন উইক৷

টেৰণ ৱাৰড্ৰবৰ বেনাৰত ফেছন ডিজাইনাৰ জিতুমণি টেৰণৰ উদ্যোগত আয়োজিত হ’ব লগা এই অনুষ্ঠানত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰেও বাংগালুৰু, দিল্লী, কলকাতা, মুম্বাই, নাগপুৰ, জয়পুৰৰ মডেলে অংশগ্ৰহণ কৰিব৷

উল্লেখযোগ্য যে সকলোৱে নিজা পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শন কৰিব৷ প্ৰতিখন ৰাজ্যৰ পৰম্পৰাগত পোচাক পৰিধান কৰিব দেশৰ প্ৰখ্যাত মডেলসকলে৷

দেশৰ প্ৰায় ২৪ গৰাকী প্ৰখ্যাত ফেছন ডিজাইনেৰে উক্ত ফেছন উইকত অংশগ্ৰহণ কৰিব৷ দেশৰ প্ৰখ্যাত মডেল আৰু ফেছন ডিজাইনাৰৰ সৈতে একেলগে কাম কৰাৰ এক সুযোগ আৰু সুবিধা প্ৰদান কৰা অন্যতম উদ্দেশ্য আগত ৰাখি আয়োজন কৰা এই ফেছন উইকত অসমৰ মডেলসকলে দেশৰ প্ৰখ্যাত ছুপাৰ মডেলৰ লগত একেলগে ৰেম্পত খোজ পেলাব৷

দেশৰ বহু কেইগৰাকী প্ৰখ্যাত ছুপাৰ মডেল এই ফেছন উইকত অংশগ্ৰহণ কৰিব৷ প্ৰখ্যাত অভিনেতা তথা মডেল ৰাজনীশ ডুগ্গল, অঞ্জু মোগল আৰু ফিটনেচ মডেল কৰণ ধীৰে প্ৰখ্যাত ডিজাইনাৰৰ পোচাকত ৰেম্পত খোজ দিব৷

এই সকলৰ উপৰিও আৰু বহু কেইগৰাকী চুপাৰ মডেল আৰু অভিনেত্ৰীও অংশ ল’ব উক্ত ফেছন শ্ব’ত৷ তদুপৰি অসমৰ চলচ্চিত্ৰ জগতৰ বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰী আৰু মডেলে দেশৰ প্ৰখ্যাত মডেল সকলৰ লগত একেলগে ৰেম্পত খোজ পেলাব৷ দেশৰ কেইবাটাও প্ৰখ্যাত সংস্থা আনমুল খুচী এণ্টাৰটেইনমেন্ট, ভি আৰ পি মিডিয়া, চিফাৰিল এণ্টাৰটেইনমেণ্ট আদিয়ে এই ফেছন উইকত বিভিন্ন ধৰণেৰে সহযোগ কৰিছে৷

উল্লেখ্য যে শিল্পগ্ৰামত আটকধুনীয়া সজাই তোলা হ’ব ৰেম্প৷ অসমৰ প্ৰখ্যাত শিল্পী নুৰুদ্দিন আহমেদৰ ৰাজদ্বীপ আৰ্ট ষ্টুডিঅ’ই ইতিমধ্যে কাম আৰম্ভ কৰিছে৷

দেশৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত পোচাক আৰু উত্তৰ পূৰ্বাঞ্চলৰ পোচাকৰ প্ৰদৰ্শন আৰু বিনিময় তথা ইবিলাকৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰি জনপ্ৰিয় কৰি তোলােটােৱই এই এন ই ইণ্টাৰনেশ্বনেল ফেছন উইকৰ অন্যতম উদ্দেশ্য৷                                                                                                                                                               (পোহৰ মিডিয়াৰ সৌজন্যত)

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here