চামগুৰি আমনিবস্তিত নৃশংস হত্যা কাণ্ডঃ জোঁৱাইৰ হাতত প্ৰাণ গ‘ল শাহুৰ

0
4

প্ৰাগজ্যোfতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ৩ ডিচেম্বৰঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিবস্তিত যোৱা ২৮ নৱেম্বৰৰ বিয়লি সংঘটিত হোৱা এক নৃশংস হত্যা কাণ্ডৰ কথা আজি পোহৰলৈ অহাত অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হয় ৷

লখিমপুৰৰ নিবাসী দীন নাথ দলৈৰ পুত্ৰ অভিযুক্ত ৰাজ দলৈ(৩৫)য়ে চামগুৰি আমনিবস্তি নিবাসী নিজ শাহু মাক পাৰ্ৱতী কুৰ্মীক বাঁহ খৰিৰে মাৰিয়াই নৃশংসভাৱে হত্যা কৰে ৷

ঘটনা সম্পৰ্কে জানিব পৰা মতে, লখিমপুৰৰ ৰাজ দলৈয়ে চামগুৰি আমনিবস্তিৰ নিবাসী পাৰ্ৱতী কুৰ্মীৰ জীয়ৰী গঙ্গা কুৰ্মী(২৮)ৰ সৈতে বিগত দহ বছৰ পূৰ্ৱে বিবাহপাশত আৱদ্ধহৈ পত্নীৰ ঘৰতে স্থায়ীভাৱে থাকিবলৈ লয় ৷

তিনিজনী কন্যা সন্তানৰ পিতৃ ৰাজ দলৈয়ে বিয়াৰ পিছৰে পৰা পত্নীৰ পৰা ধন টকা-পইছা বিচাৰি প্ৰায়ে কাজিয়াৰ সৃষ্টি কৰাৰ লগতে বিগত দিন ধৰি শাৰীৰিক আৰু মানসিক নিৰ্য্যাতন কৰি আহিছে যদিও লোক নিন্দাৰ ভয়তে মৌনতা অৱলম্বন কৰি আহিছিল ৷

যোৱা ২৮ নৱেম্বৰৰ বিয়লি প্ৰায় ১ মান বজাত ৰাজে আনদিনাৰ দৰে পত্নীক টকা দাবী কৰাত পত্নীৰ সৈতে কাজিয়াৰ সূত্ৰপাত হয় ৷

পাছত ৰাজে ভিতৰৰ পৰা চোকা অস্ত্ৰ উলিয়াই আনি গঙ্গাক কাটিবলৈ খেদি যোৱাত গঙ্গাই ভয়তে পলায়ন কৰি গটঙাৰ সম্পৰ্কীয় মানুহ এঘৰত আশ্ৰয় লয় ৷

পৰৱৰ্তী সময়ত ৰাজে শাহু মাকক টকা বিচৰাত শাহুৱেকে টকা দিবলৈ অসমৰ্থতা প্ৰকাশ কৰাত খংত উগ্ৰমূৰ্তী ধাৰণ কৰি হিতাহিত জ্ঞানশূণ্যহৈ বাঁহ খৰিৰে শাহু মাকক উপৰ্যুপৰি মৰিয়াই ঘৰৰ পৰা পলায়ন কৰে ৷

পাছত গঙ্গা কুৰ্মীয়ে ঘৰলৈ আহি মাকক বিচনাত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ৷

মৃতদেহৰ সৎকাৰ কাৰ্য্যত লিপ্ত থকাৰ বাবে অভিযুক্ত স্বামীৰ বিৰুদ্ধে তাৎক্ষণিক ভাৱে এজাহাৰ দিব নোৱাৰিলে আজি গঙ্গাই চামগুৰি আৰক্ষী থানাত অভিযুক্ত স্বামীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে পলাতক অভিযুক্ত ৰাজ দলৈক বিচাৰি আছে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here