লয়াৰ্ছ এছ’চিয়েছন, গুৱাহাটীৰ অধিবক্তা দিৱস উদযাপন

0
5

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ৪ ডিচেম্বৰঃ যুক্তি আৰু সাহসেৰে ন্যায় প্ৰতিষ্ঠাৰ বাবে অহৰহ যুজঁ দিয়া অধিবক্তাসকলৰ বাবে আজি এক মহৎ দিন…।

স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধান মন্ত্ৰী তথা অধিবক্তা ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মদিনটো সমগ্ৰ ভাৰতবৰ্ষৰ অধিবক্তা সকলে অধিবক্তা দিৱস হিচাপে উদযাপন কৰে….।

Lawyer’s Association, গুৱাহাটীৰ অধিবক্তাসকলেও সত্য মিথ্যা, যুক্তি তৰ্ক, আশা হতাশাৰ পৰা খন্তেক আঁতৰি আহি আজিৰ দিনটো অধিবক্তা দিৱস হিচাপে বিভিন্ন কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰে…।

গুৱাহাটী উকীল সন্থাৰ স্থায়ী সভাপতি বিৰাজ কুমাৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত অধিবক্তা দিৱসৰ তাৎপৰ্য তথা অধিবক্তাসকলৰ কৰ্তব্য আৰু দায়িত্ব সম্পৰ্কে বক্তব্য ৰাখে জ্যেষ্ঠ অধিবক্তা অতুল শৰ্মা আৰু ৰোহিনী কুমাৰ দাসে।

উকীল সন্থাৰ সম্পাদক প্ৰবীণ কুমাৰ কলিতাই আঁতধৰা অনুষ্ঠানটিত দহ গৰাকী জ্যেষ্ঠ অধিবক্তাক তেখেতসকলৰ জীৱনজোৰা সাধনা আৰু কৰ্ম দক্ষতাৰ বাবে এখন ফুলাম গামোচা, এখন শৰাই, জাপি আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

সভাত কেইবাগৰাকীও অধিবক্তাই আপোন অনুভৱেৰে গঠনমূলক বক্তব্য দি সভাখন সফল কৰি তোলে।সভাত উপস্থিত প্ৰতিজন ব্যক্তিয়েই একেলগে আনন্দেৰে লঘু আহাৰ গ্ৰহণ কৰে।

দিৱসৰ লগত সংগতি ৰাখি উকীল সন্থাৰ সাংস্কৃতিক সম্পাদিকা লিপিকা ডেকাৰ সঞ্চালনাত এটি বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যক্ৰমো অনুষ্ঠিত হয়।

নৈতিকতাৰ গণ্ডীত থাকি সত্য আৰু ন্যায় প্ৰতিষ্ঠাত সদা ব্যস্ত অধিবক্তাসকলে নিজৰ বাবে এই বিশেষ দিনটো বিশেষভাৱে সজাই তোলে, গীত, নৃত্য, কবিতাৰে আয়োজিত সাংস্কৃতিক অনুষ্ঠানটি অতি উপভোগ্য হৈ উঠে।

গুৱাহাটী উকীল সন্থাৰ কাৰ্যনিৰ্বাহক সদস্যসকলৰ উদ্যোগত আৰু সমূহ অধিবক্তাৰ আন্তৰিক সহযোগত অধিবক্তা দিৱসটো সফলতাৰে ৰূপায়ণ হয়।

দিৱসৰ প্ৰতিটো কার্যসূচীত সহযোগিতা আগবঢ়োৱা প্ৰতিজন সদাশয় ব্যক্তিলৈ আয়োজকসকলে কৃতজ্ঞতা জ্ঞাপন কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here