প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৪ ডিচেম্বৰঃ হোজাই জিলাৰ লামডিং আৰক্ষী থানাৰ অন্তৰ্গত নতুন বস্তিৰ কাষেৰে বৈ যোৱা লংকা জান জুৰিত মংগলবাৰে পুৱা পানীত ওপঙি থকা অৱস্হাত এজন পুৰুষ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ ।
মৃত দেহটো সঞ্জয় পাত্ৰ(৩৬)নামৰ এজনৰ বুলি চিনাক্ত ।ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লামডিং আৰক্ষী থানাৰ অন্তৰ্গত নতুন বস্তিৰ নিজ গৃহৰ পৰা যোৱা দেওৱাৰে সঞ্জয় নামৰ ব্যক্তিজন বজাৰ কৰিবলৈ বুলি নতুন বস্তিলৈ আহিছিল ।
দেওবাৰে বজাৰলৈ অহাৰ পৰা সন্ধানহীন হৈ আছিল সঞ্জয় ।পৰিয়ালৰ লোকে দুদিন ধৰি সমন্ধীয়,গাঁৱৰ ওচৰৰ জংঘলত, বিচাৰ খোচাৰ কৰিছিল যদিও আজি মংগলবাৰে পূৱাৰ ভাগতহে সঞ্জয়ৰ মৃতদেহটো লংকাজান নৈৰ পানীত ওপঙি থকা অৱস্হাত উদ্ধাৰ হয় ।
স্হানীয় ৰাইজে জুৰিৰ পানীৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো|বৰ্তমান ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্হিত হৈ তদন্ত কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে ।