লংকাতো পালিত হ’ল বিশ্ব প্ৰতিবন্ধী দিৱস

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৪ ডিচেম্বৰঃ সমগ্ৰ বিশ্বৰ লগতে আজি ৩ ডিচেম্বৰৰ দিনটোত পালন কৰা “বিশ্ব প্ৰতিবন্ধী দিৱস”টো লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ উদ্যেগত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়।

সপ্তাহজোৰাকৈ পালন কৰা বিশ্ব প্ৰতিবন্ধী দিৱসটো শিক্ষাখণ্ডটোৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়সমূহত উলহ-মালহেৰে সমাপন হোৱাৰ পাছত আজি বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোত বিভিন্ন কাৰ্যসূচীৰে সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰে শিক্ষাখণ্ডটোৱে।

প্ৰতিবন্ধী ছাত্ৰ-ছাত্ৰীসকলৰ শাৰিৰীক,মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে পালন কৰা প্ৰতিবন্ধী দিৱসটিৰ সামৰণি অনুষ্ঠানটোৰ কাৰ্যসূচী পুৱাৰে পৰা আৰম্ভ হয়। লগতে উপস্থিত হয় হোজাইৰ জিলাৰ ডিপিঅ’ অশোক গগৈ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here