জ্যোতি চিত্ৰবনত নেক্সটাৰ ছুটি ছবি মহোৎসৱ প্ৰতিযোগিতা শিতানত নগদ ধনৰ বঁটা

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ৪ ডিচেম্বৰঃ এণ্টাৰটেইনমেণ্ট উদ্যোগত নতুনত্ব অনাৰ প্ৰয়াসেৰে নৱ গঠিত গুৱাহাটীৰ নেক্সটাৰ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড নিয়মীয়া চলচ্চিত্ৰ প্ৰযোজনাকে ধৰি বহুকেইটা পৰিকল্পনা আগত ৰাখি ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে অহা ২১ ডিচেম্বৰত জ্যোতি চিত্ৰবনত আয়োজন কৰিছে ‘নেক্সটাৰ ছুটি ছবি মহোৎসৱ ২০১৯’৷

অলপতে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত এই কথা ঘোষণা কৰে সঞ্চালক অসীম নাথ আৰু মুখ্য কাৰ্যবাহী বিষয়া নাৰায়ন শীলে৷

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ নিৰ্মাতাক উৎসাহ যোগোৱাৰ উদ্দেশ্যে প্ৰধানকৈ আয়োজন কৰা এই চলচ্চিত্ৰ মহোৎসৱ লগত সংগতি ৰাখি ছুটি ছবিৰ এখন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷

ছবিসমূহৰ মাজৰ পৰা তিনিখন শ্ৰেষ্ঠ ছবিক ৫০, ৩০ আৰু ২০ হাজাৰ টকাৰ নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব৷ তদুপৰি বিশেষজ্ঞ জুৰীয়ে নিৰ্বাচন কৰা ১০ খন শ্ৰেষ্ঠ ছবিৰ প্ৰদৰ্শন হ’ব উক্ত ছুটি ছবি মহোৎসৱত৷

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা ছবি নিৰ্মাতাসকলে www.nexsterglobal.com যোগে প্ৰ-পত্ৰ সংগ্ৰহ কৰি অনলাইন অথবা অফলাইনযোগে ছবিসমূহ জমা দিব পাৰিব৷

অফলাইনযোগে জমা দিব বিচৰাসকলে প্ৰ-পত্ৰ ডাউনলোড কৰি পূৰণ কৰি ডিভিডিযোগে ছুটি ছবিখন ৫৮৮ লোক নাথ পথ, উডালবাক্ৰা, লালগণেশ -৭৮১০৩৪ ঠিকনাত প্ৰেৰণ কৰিব লাগিব৷

অনলাইন কৰিব বিচৰাসকলে nexster2019entertainment@gmail.com যোগে ছবিখন wetransfer ৰ সহায়ত প্ৰেৰণ কৰিব পাৰিব৷ যোগদানৰ মাচুল ১০০০ টকা৷ চেকযোগে অথবা বেংক একাউণ্টযোগেও দিব পাৰিব৷

ৱেবচাইটযোগে সবিশেষ তথ্য জানিব পাৰিব বুলি সংবাদমেলখনত ঘোষণা কৰে চলচ্চিত্ৰ নাৰায়ন শীলে৷

উল্লেখযোগ্য যে প্ৰতিযোগিততাত যোগদানৰ অন্তিম তাৰিখ ১৫ ডিচেম্বৰ৷ ২১ ডিচেম্বৰত নিৰ্বাচিত ছবি সমূহ প্ৰদৰ্শন হোৱাৰ লগতে নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব৷

তদুপৰি প্ৰযোজকৰ অনুমতি সাপেক্ষে ছবিসমূহ ডিজিটেল মাধ্যমযোগে সম্প্ৰচাৰ কৰা হ’ব আৰু সংগৃহিত ৰাজহৰ অংশও প্ৰদান কৰিব৷

সবিশেষ তথ্যৰ বাবেঃ৮৬৩৮৫৪০০৯২, ৭০৮৬১১১০৭ আৰু ৯৯৫৪৮২০৬০১ নম্বৰত আগ্ৰহী ছবি নিৰ্মাতাই যোগাযোগ কৰিব পাৰিব৷
                                                                       (পোহৰ মিডিয়াৰ সৌজন্যত)

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here