প্ৰাগজ্যোতিষ বাৰ্তা,পেঙেৰিৰ পৰা অৰুণ ভূঞা, ৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কত বুধবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পাছত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ পেঙেৰি-বৰডুমচা আঞ্চলিক সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি অসম চৰকাৰ ‘গ’বেগ ধ্বনিৰে পেঙেৰি বক্ষ্মাজান তিনিআলি ঘাইপথত অৱৰোধ কৰি উতাল কৰি তোলে।
প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক অতিশীঘ্ৰে বাতিল কৰাৰ দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।
Facebook Comments