লংকাৰ ঠাইচুবালিত‌ নৰকংকাল উদ্ধাৰ

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৫ ডিচেম্বৰঃ হোজাই জিলাৰ লংকাৰ ঠাইচুবালিত‌ চাঞ্চল্যকৰ ঘটনা । ঠাইচুবালিৰ কাষেৰে বৈ যোৱা কপিলী নৈৰ পাৰত‌ উদ্ধাৰ হৈছে নৰকংকাল ।

নৈৰ কাষত প্ৰথমে স্থানীয় ব্যক্তিয়ে প্ৰত্যক্ষ‌ কৰিছিল নৰকংকালটো ।

নৰকংকালটো স্হানীয় ৰাইজে প্ৰতক্ষ্য কৰি লংকা আৰক্ষীক খৱৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্হলীত উপস্থিত হৈ উদ্ধাৰ কৰিছে নৰকংকালটো ।

কিছু মাহৰ পূৰ্বে হৈ যোৱা বানপানীত কপিলী নৈৰ বাহনী পানীত কাৰোবাৰ মৃতদেহ উটি আহি এনেদৰে নৈৰ পাৰত ৰৈ গৈ বৰ্তমান কংকাল হৈ যোৱা বুলি সন্দেহ কৰা হৈছে ।

নৰকংকলটো সাধাৰণ মৃত্যু, হত্যাকাণ্ড নে আনকিবা মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here