লংকাৰ জোৰাপুখুৰীত হোজাই প্ৰশাসনে উচ্ছেদ কৰা মন্দিৰ পুনঃনিৰ্মাণ ৰাইজৰঃ গাঁঠিৰ ধন ভাঙি স্থানীয় ৰাইজে আৰম্ভ কৰিলে নিৰ্মাণকাৰ্যঃ হোজাইৰ বিধায়ক শিলাদিত্যক হিন্দু বিদ্বেষী আখ্যা সমষ্টিবাসী ৰাইজৰ

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৫ ডিচেম্বৰঃ নিজ সমষ্টিতে ৰাইজৰ ক্ষোভৰ সন্মুখীন হৈছে বিধায়ক শিলাদিত্য। এটি মন্দিৰকলৈয়ে সৃষ্টি হৈছে এই ক্ষোভৰ।

সততে নিজকে হিন্দু বুলি কব খোজা বিধায়কগৰাকীক এতিয়া হিন্দু বিদ্বেষী আখ্যা দিছে সমষ্টিবাসী ৰাইজে।

কাৰণটো হ’ল, এটি মন্দিৰ উচ্ছেদত শিলাদিত্য প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ।

সম্প্ৰতি লংকাৰ জোৰাপুখুৰীত যোৱা ১ডিচেম্বৰত হোজাই জিলা প্ৰসাশনে উচ্ছেদ চলাই ভাঙি পেলোৱা মন্দিৰটো বুধবাৰে পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে স্থানীয় ৰাইজে।

দ্ৰৰিদ্ৰজনৰ পৰা আৰম্ভ কৰি ধনীজনলৈকে সামৰ্থ অনুযায়ী ধন দি আৰম্ভ কৰিছে মন্দিৰটোৰ পুনঃ নিৰ্মাণ।

উল্লেখ্য যে ,জিলাখনৰ সদৰ শংকৰদেৱ নগৰৰ সমীপতে থকা লংকা মৌজাৰ অন্তৰ্গত ৫১ নং দাগত থকা ৰাজহুৱা পুখুৰীৰ এটি কোনত নিৰ্মাণ হৈ আছিল মন্দিৰটো।

যোৱা ১ ডিচেম্বৰত হোজাই প্ৰশাসনে মন্দিৰটোত উচ্ছেদ চলাইছিল। উদ্দেশ্য, ঠাইডোখৰত এটি পৰ্যাটন কেন্দ্ৰ গঢ়ি তোলাৰ লগতে শিশুসকলৰ বাবে এখন চিলড্ৰেন পাৰ্ক নিৰ্মাণ কৰা।

চৰকাৰে ঘোষণা কৰা জোৰাপুখুৰী মডেল ভিলেজত এই আঁচনি কাৰ্যকৰীকৰণৰ বাবে হোজাই জিলা প্ৰশাসনে গ্ৰহণ কৰিছিল এই পদক্ষেপ।

স্থানীয় ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল যদিও প্ৰশাসনে মন্দিৰটো উচ্ছেদ কৰি মুকলি কৰিছিল ঠাইডোখৰ।

এইক্ষেত্ৰত,এই সমগ্ৰ উচ্ছেদ অভিযানৰ আঁৰত হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ নাম উচ্চাৰিত হৈছিল।

স্থানীয় ৰাইজে বিধায়ক শিলাদিত্য দেৱলৈ আঙুলিয়াই এই সমগ্ৰ অভিসন্ধিৰ আঁৰত বিধায়ক শিলাদিত্য জড়িত হৈ আছে বুলি অভিযোগ তুিলছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here