চাবুৱাৰ ডি.ডি.আৰ. কলেজত কেৰিয়াৰ পৰামৰ্শ বিষয়ক অনুষ্ঠানত ড° বুলজিৎ বুঢ়াগোহাঁই

0
18

প্ৰাগজ্যোতিষ বাৰ্তা,চাবুৱা, ৫ ডিচেম্বৰঃ চাবুৱাৰ ডি.ডি.আৰ. কলেজৰ ‘কেৰিয়াৰ পৰামৰ্শ কোষ’ আৰু ‘আভ্যন্তৰীণ গুণগত মান নিৰ্ণায়ক কোষ’ তথা ‘জি.আই.এম.টি.’, তেজপুৰৰ সামাজিক কল্যাণ সংস্থা ‘সহযোগ’ৰ উদ্যোগত কেৰিয়াৰ পৰামৰ্শ বিষয়ক এক অনুষ্ঠান ডি.ডি.আৰ. কলেজৰ ছেমিনাৰ হলত ৩ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হয়।

পুৱা দহ-ত্ৰিশ বজাৰ পৰা শুভাৰম্ভ হোৱা এই অনুষ্ঠানত প্ৰায় দুই-শ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। অনুষ্ঠানটোৰ সমল বক্তা হিচাপে আমন্ত্ৰণ কৰি অনা ‘জি.আই.এম.টি.’, তেজপুৰৰ অধ্যক্ষ তথা বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে অংশ গ্ৰহণ কৰে। ড° বুঢ়াগোহাঁয়ে তেওঁৰ কেৰিয়াৰ পৰামৰ্শ বিষয়ক বক্তৃতাত ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব পৰাকৈ গুৰুত্বপূৰ্ণ বিষয় কিছুমান আলোকপাত কৰি তথ্য সহ বক্তৃতা প্ৰদান কৰে।

ছাত্ৰ-ছাত্ৰীসকলে জীৱনত বিভিন্ন বিষয়ত প্ৰতিষ্ঠা লাভ কৰিবলৈ বাতৰি-কাকত, আলোচনী নিয়মীয়াকৈ পঢ়া প্ৰয়োজন বুলি কয়।

কাকত-আলোচনীসমূহত প্ৰকাশ পাই থকা খবৰ-তথ্য কিছুমান নিজৰ ন’টবুকত লিপিবদ্ধ কৰি গ’লে সেইবিলাকে পৰৱৰ্তী সময়ত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সহায়ক হৈ উঠে।

মত বিনিময় শিতানত ছাত্ৰ-ছাত্ৰীসকলে সোধা কেৰিয়াৰ সম্পৰ্কীয় ভালেকেইটা প্ৰশ্নৰ ব্যখ্যাত্মক উত্তৰো তেওঁ প্ৰদান কৰে।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভূপেন বৰ্মন বিশেষ জৰুৰী কামৰ বাবে আজি উপস্থিতি থাকিব নোৱাৰাৰ বাবে ভাৰপ্ৰাপ্ত দায়িত্বত থকা জ্যেষ্ঠ অধ্যাপক জয়নাৰায়ণ প্ৰসাদে চমু উদ্বোধনী বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানৰ প্ৰাৰম্ভতে ড° বুঢ়াগোহাঁই সম্বৰ্ধনা আৰু উপহাৰ প্ৰদান কৰে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক প্লাবিতা দাস, অন্বেষা মেছ আৰু মঞ্জু গগৈয়ে।

কাৰ্য্যসূচী সমন্বয়ক তথা সহকাৰী অধ্যাপক লক্ষীনন্দন বৰগোহাঞিয়ে আঁত ধৰা অনুষ্ঠানটোত জ্যেষ্ঠ অধ্যাপক ড° ননীৰূপা চেতিয়া, চন্দ্ৰ সেনাপতি, মনমী গায়ন, ড° দিগন্ত দত্ত, ৰুবুল দত্তকে প্ৰমুখ্য কৰি মহাবিদ্যালয়ৰ ভালেকেইগৰাকী অধ্যাপক-কৰ্মচাৰী উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here