চামগুৰিত কেবৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰি বিদ্যুত জ্যোতি বৰা, ৬ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে বিভিন্ন দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে নগাঁও জিলাৰ চামগুৰিত ৫ ডিচেম্বৰৰ সদৌ অসম ছাত্ৰ সন্থাই প্ৰধান মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী অতুল বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ  প্ৰতিবাদ সাব্যস্ত কৰে।

আজি দুপৰীয়া চামগুৰি তিনি আলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত  চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাই কেবৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, অসমৰ মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱাল আৰু অগপৰ মন্ত্ৰী অতুল বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

প্ৰতিকৃতি দাহ কৰাৰ সময়ত চামগুৰি আৰক্ষী প্ৰতিবাদথলীত উপস্থিত নোহোৱাৰ বাবে ৰাজপথৰ দুয়ো দিশে তীব্ৰ যানজঁটৰ সৃষ্টি হয়।

আনহাতে আজি পুৰণিগুদামত  পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা-কৰ্মী সকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অগপৰ তিনি মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষন চৌধুৰী সহ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here