পেঙেৰি-বৰডুমচা আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

0
9

প্ৰাগজ্যোতিষ বাৰ্তা,পেঙেৰিৰ পৰা অৰুণ ভূঞা, ৬ ডিচেম্বৰঃ ৰাজ্যজুৰি চলি থকা বহু বিতৰ্ক নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬চমুকৈ ‘কেৱ’ৰ তীব্ৰ বিৰোধিতা কৰি পেঙেৰি-বৰডুমচা আঞ্চলিক ছাত্ৰ সন্থাই পেঙেৰি সাবজনী পূজা মণ্ডপত তিনি ঘণ্টিয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

সদৌ অসম ছাত্ৰ সন্থা আৰু ত্ৰিশটা জাতীয় সংগঠনৰ আহ্বানত পেঙেৰি-বৰডুমচা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগ ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কেইবাজনো নেতা উপস্থিত থাকে।

কাৰ্যসূচী পৰাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীক তথা অসম চৰকাৰক সকীয়নি দিয়ে অতিশীঘ্ৰে কেব বাতিল নকৰিলে ইয়াৰ আগতকৈও ভয়ানক কাৰ্যসূচী হাতত ল’ব বুলি জানিবলৈ দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here