৮ ডিচেম্বৰত গ্ৰন্থ উন্মোচনী সভা

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,নলবাৰী, ৬ ডিচেম্বৰঃ অসমৰ আগশাৰীৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীয়ে প্ৰকাশ কৰি উলিওৱা ‘বুলি ভূঞাৰ নিৰ্বাচিত কবিতা’ নামৰ কাব্যসংকলনখন অহা ৮ ডিচেম্বৰৰ আবেলি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হ’ব৷

বাসনা সাহিত্য গোষ্ঠীৰ সভাপতি তথা সাংবাদিক নিপজ্যোতি মেধিৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থ উন্মোচনী সভাখনত ‘বুলি ভূঞাৰ নিৰ্বাচিত কবিতা’ শীৰ্ষক গ্ৰন্থখন আনুষ্ঠািনকভাৱে উন্মোচন কৰিব প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে৷

অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট কবি, সাহিত্যিক ৰত্নেশ্বৰ বসুমতাৰী, ধীৰেণ শইকীয়া, কবি, লেখিকা মনীষা শৰ্মাই গ্ৰন্থ উন্মোচনী সভাখনত আটাইৰে উপস্থিতি কামনা কৰিছে ভাৰপ্ৰাপ্ত সম্পাদিকা জাহ্নৱী বৰুৱাই৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here