শিৱসাগৰৰ বকতাত অমিত শ্বাহ আৰু সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা জ্বলালে বকতা আটাছুয়ে

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং, ৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ প্ৰতিবাদত শিৱসাগৰ জিলাৰ বকতা নেমুগুৰিত সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু ) ই প্ৰতিবাদ সাব্যস্ত কৰে ।

বকতা নেমুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত আটাছুৰ বকতা নেমুগুৰি আঞ্চলিকৰ সদস্যসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’ ‘বিজেপি গ’ বেক, জাতীয় খলনায়ক সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, অমিত শ্বাহ গ’ বেক, হিমন্ত বিশ্ব শৰ্মা গ’ বেক’ শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

শিৱসাগৰ মহকুমা সমিতিৰ সহকাৰী সম্পাদক “মাধূৰ্য্য খঙীয়াই” কয়- ‘প্ৰয়োজনত হয় তেজ দিম, নহয় বাংলাদেশীৰ তেজ ল’ম ইয়াৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ দায়ী হ’ব।’

‘বাংলাদেশী সদায় বাংলাদেশীয়ে তেওঁ হিন্দু হওঁক মুছলমান সকলো ভাৰতৰ বাবে অবৈধ বোজা, আগৰ পৰাই মুছলমান বাংলাদেশীৰ নামত এগাল সাপ অসমত আছেই এইবাৰ হিন্দুৰ নামত আৰু এগাল সাপ আনি ঘৰৰ ভিতৰত লোৱাটো অসমীয়া জাতিৰ ভৱিষ্যতৰ প্ৰতি অতি বিপদজনক। সেয়ে সকলো অসমবাসী ৰাইজ একত্ৰিতভাৱে এই আন্দোলনলৈ ওলাই আহক।’

লগতে আটাছু শিৱসাগৰ জিলা সমিতিৰ সহকাৰী সম্পাদক “প্ৰদীপ দিহিঙীয়াই” কয় যে- ‘সমগ্ৰ উত্তৰ-পূবৰ কোনো ৰাজ্যই কেব গ্ৰহণ কৰা নাই তেনে ক্ষেত্ৰত আমি কিয় গ্ৰহণ কৰিম’ প্ৰয়োজনত আমি জংগী আন্দোলন কৰিবলৈ সাঁজো আছো।

বিজেপি চৰকাৰ নেতাসকলৰ বিপদ চমু চাপি আহিছে ‘। এই মন্তৱ্য দিয়ে শিৱসাগৰ আটাছু নেতাদ্বয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here