বহিঃৰাজ‍্যৰ ১২৪ গৰাকী শ্ৰমিকক শিমলুগুৰি ৰে’ল জংচনত অৱদ্ধ কৰি ৰাখিলে কেবাটাও জাতীয় সংগঠনে

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং, ৯ ডিচেম্বৰঃ শিমলুগুৰি ৰে’লৱে জংচনত ৭ ডিচেম্বৰ তাৰিখে পোৱা ৬ বজাত বহিঃৰাজ‍্যৰ পৰা অহা শিশু আৰু ৬০ বছৰৰ উৰ্দ্ধ ১২৪ গৰাকী শ্ৰমিকক শিৱসাগৰ জিলাৰ কেবাটাও জাতীয় সংগঠনে বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিক আৱদ্ধ কৰি নাজিৰা আৰক্ষী গতাই দিয়ে।

সেই শ্ৰমিকসকল প্ৰকৃততে ভাৰতীয় হয় নে নহয়।ই এটা ডাঙৰ প্ৰশ্ন।

এছ কে পেট্ৰ নামৰ কোম্পানীত কামত নিয়োজিত কৰিবলৈ এইসকল সন্দেহজনক শ্ৰমিক অনা হৈছিল।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে শিমলুগুৰি ৰে’লৱে জংচনত ১২৪ গৰাকী বহিঃৰাজ্যৰ নাগৰিকক আৱদ্ধ স্থানীয় ৰাইজ আৰু দল-সংগঠনৰ।

টাই আহোম যুৱ পৰিষদ, অসম নাজিৰা মহকুমা সমিতি। বীৰ লাচিত সেনা , অসম নাজিৰা মহকুমা সমিতি আদি কৰি ৬ সংগঠনে ফজৰুদ্দিন আহমেদ হাতীপতিৰ নিবাসী আৰু শিৱসাগৰ ব‍্যৱসায়ী কৃষ্ণ কুমাৰ আগৰৱালা বিৰুদ্ধে প্ৰতিটো সংগঠনে শিশু শ্ৰমিক নিয়োগ কৰি মানৱ অধিকাৰ আইন উলংঘা কৰা বাবে নাজিৰা আৰক্ষী চকীত এজেহাৰ প্ৰদান কৰে।

যি সময়ত অসমৰ নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লোৱা সময়ত বহি ৰাজ্যৰ শ্ৰমিক নিযুক্তি দিয়া কাৰ্যক সমালোচনা কৰাৰ লগতে সংগঠন কেইটাই ধৃকাৰ দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here