লংকা ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত আঞ্চলিক ছাত্ৰ সন্থাৰ কেব বিৰোধী প্ৰতিবাদী কাৰ্যসূচী

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৯ ডিচেম্বৰঃ লংকাত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি টায়াৰ জ্বলাই পথ অৱৰোধ কৰি কেবৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আছুৱে।

লংকা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা লংকা মহাবিদ্যালয় আছু গোটৰ সহযোগত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।

হাতে হাতে প্লে’ কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গান দিয়ে প্ৰতিবাদকাৰীসকলে।

নাগৰিকত্ব সংশোধনী বিধেয়কখন জোৰ কৰি জাপি দিব বিচাৰিলে পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠিব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

এই প্ৰতিবাদৰ ফলত কিছু সময়ৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰে বহু যান-বাহন।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত লংকা আৰক্ষীৰ লোক‌ উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here