হিন্দী  পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানত উজ্জলিল উদীপ্তা

0
70

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ৯ ডিচেম্বৰঃ সদ্য ঘোষিত অসম ৰাষ্ট্ৰ ভাষা প্ৰচাৰ সমিতিয়ে অনুষ্ঠিত কৰা ২০১৯ বৰ্ষৰ হিন্দী পৰীক্ষাত উদীপ্তা পাঠকে  অসমৰ ভিতৰত তৃতীয় স্থান  লাভ কৰি সমগ্ৰ নগাঁও জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে, চলিত বৰ্ষৰ জুলাইত অনুষ্ঠিত হোৱা অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ প্ৰৱেশিকা পৰীক্ষাত অবতীৰ্ণ হোৱা নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ মূঢ়ানি গাঁৱৰ নিবাসী পুলিন চন্দ্ৰ পাঠকৰ কনিষ্ঠা কন্যা তথা পুৰণিগুদাম বিদ্যানিকেতনৰ অষ্টম শ্ৰেণীৰ  ছাত্ৰী উদীপ্তা পাঠকে সমগ্ৰ অসমৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱা সফলতাই সমগ্ৰ জিলাখনলৈ আনন্দৰ বন্যা বোওৱা পৰিলক্ষিত হৈছে ।

সুখ্যাতিৰে উত্তীৰ্ণ হোৱা উদীপ্তাই মূঢ়ানি পৰীক্ষা কেন্দ্ৰত প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ  হৈ  ২৩৭ নম্বৰ লাভ কৰি অসমৰ ভিতৰতে তৃতীয় স্থান অৰ্জন কৰিছিল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here