নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

0
7

প্ৰাগজ্যোতিষ বাৰ্তা,পেঙেৰিৰ পৰা অৰুণ ভূঞা, ৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ত্ৰিশটাকৈ জাতীয়জনগোষ্ঠীৰ সংগঠনৰ আহ্বানত শুক্ৰবাৰে উত্তৰ মাৰ্ঘেৰিটাৰ ৰংগমঞ্চত খোল-তাল লৈ চৰকাৰ বিৰোধী শ্ল’গানে পৰিৱেশ উতাল কৰি তোলে।

কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বক ভাৱে অসম, অসমীয়া ওপৰত জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ “কেৱ”ৰ বিৰুদ্ধে শুক্ৰবাৰে গ্ৰহণ কৰা বিক্ষোভ কাৰ্যসূচীত ছাত্ৰ সন্থাকে ধৰি, অসম জাতীয়তাবাদী যুৱ পৰিষদ, মাৰ্ঘেৰিটাৰ বিশিষ্ট নাগৰিক সকলো ওলাই আহি জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায় প্ৰতিবাদ সাব্যস্ত কৰে।

অনাগত দিনত কেন্দ্ৰীয় চৰকাৰে নাইবা অসম চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে আগতকৈ নোহোৱা জংগী আন্দোলন লোৱাৰো সকীয়নি দিয়ে প্ৰতিবাদকাৰীসকলে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here