চামগুৰিত কেবৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা আৰু বৃহত্তৰ চামগুৰিবাসী ৰাইজৰ সহযোগত জোঁৰ সমদলঃ কেবৰ প্ৰতিলিপি দাহ কৰি ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদঃ সমগ্ৰ চামগুৰিত বন্ধ সৰ্বাত্মক

0
10

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১১ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যখনত বিভিন্ন দল-সংগঠনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে নগাঁও জিলাৰ চামগুৰিত  সদৌ অসম ছাত্ৰ সন্থা আৰু  ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত  বৃহত্তৰ চামগুৰিবাসী ৰাইজৰ সহযোগত আজি সন্ধ্যা জোঁৰ লৈ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

জানিব পৰা মতে, চামগুৰি তিনি আলিৰ পৰা চামগুৰি মহাবিদ্যালয় লৈ প্ৰায় দুই কিলোমিটাৰ পথ কেবৰ বিৰুদ্ধে জোঁৰলৈ সমদল কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

পাচঁ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোঁৰ লৈ কেবৰ বিৰুদ্ধে বৰতাল বজাই  বিভিন্ন শ্ল’গান দি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আকাশ বতাহ কপাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে আজি লোকসভা নাগৰিক সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ সমান্তৰাল ভাৱে চামগুৰি তিনি আলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চামগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজে কেবৰ প্ৰতিলিপ দাহ কৰি কেব নমনাৰ হুংকাৰ প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ইপিনে আজি চুতীয়া ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে  অসম বন্ধৰ আহ্বান দিয়াৰ ফলত সমগ্ৰ চামগুৰি অঞ্চলত সৰ্বাত্মক বন্ধ হোৱা পৰিলক্ষিত হয় ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here