বনভোজৰ বতৰত জানিবলগীয়া কথা

0
9

                                                                                                        –                                                                                     – সদানন্দ শইকীয়া
বনভোজে আমাৰ একেঘেয়ামি জীৱন আঁতৰাই আমাৰ মন মগজুক উৎসাহিত কৰি তোলে বাবেই বনভোজ সকলোৰে আদৰৰ৷ প্ৰধানতঃ মানসিক শান্তি আৰু প্ৰকৃতিৰ বিনন্দীয়া ৰূপ দৰ্শন কৰাৰ লক্ষ্যৰে বনভোজৰ আয়োজন কৰা হয়৷ সকলো লগ হৈ প্ৰাকৃতিকভাৱে  সুন্দৰ স্বাস্থ্যকৰ এখন ঠাইলৈ গৈ লগেভাগে এসাজ খোৱা,আড্ডা মৰা,অলপ প্ৰকৃতিৰ লগত একাত্ম হোৱাই বনভোজৰ মুখ্য কথা৷ বনভোজত মিলাপ্ৰীতিৰ এনাজৰীডালো সুদৃঢ় হয়৷ সেই বাবেই ডিচেম্বৰ মাহ আহিলেই আমাৰ ৰাজ্যখনতো বনভোজ খোৱাৰ ধুম উঠে৷

পিছে, বনভোজ খোৱাৰ আগতে আমি বহু কথাৰ ওপৰত গুৰুত্ব দিব লাগে৷পোনপ্ৰথমে আপুনি কেনেকুৱা ঠাইলৈ যাব সেইটো সঠিক ভাবে বাচনি কৰা দৰকাৰ ৷ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যই বহু পৰ্যটকৰ মন জয় কৰে৷ সাধাৰণতে, অসমৰ চানডুবি, বগামাটি, মাজুলী, পবিতৰা, মানাহ, ৰংঘৰ- কাৰেংঘৰ, বগীবিল দলং,পৰশুৰামকুণ্ড, ভৈৰৱকুণ্ড,তেজপুৰৰ অগ্নিগড় আদি ঠাইবোৰলৈকে বেছিকৈ বনভোজ খাবলৈ যোৱা দেখা যায়৷ বনভোজ খাবলৈ আপুনি কি গাড়ী নিব সেয়াও জনা দৰকাৰ৷  সেই নিৰ্দিষ্ট গাড়ী খনৰ ইঞ্চুৰেঞ্চ আছে নাই আৰু চালকজনৰ লাইচেঞ্চ আছে নাই আনকি চিট কেপাচিটি আদিকে ধৰি আনুষংগিক বিষয়সমূহ জনাটো সবাতোকৈ জৰুৰী বিষয়৷ কিয়নো প্ৰায়বোৰ বনভোজ দলৰ গাড়ীৰ চালক সকলে ৰাস্তাত ওলালেই প্ৰতিযোগিতামূলকভাবে গাড়ী চলায়৷ কিছুমান চালকে আনকি মদ- ভাং আদি খায়ো গাড়ী চলাই দুৰ্ঘটনাত পতিত হোৱা উদাহৰণো অলেখ আছে৷ ৰাতিপুৱা হাঁহি ধেমালিৰে ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী মানুহ জন যেতিয়া বনভোজ খাবলৈ গৈ দুৰ্ঘটনাত আঘাটপ্ৰাপ্ত হৈ বা দুৰ্ঘটনাত নিহত হৈ নিস্প্ৰানভাবে উভতিব লগা হয় তেতিয়া সেই ঘৰখনৰ পৰিয়ালবোৰৰ জীৱন পৰিক্ৰমা স্তব্ধ হৈ যায়৷ সেয়ে, বনভোজ আয়োজনৰ দলপতি গৰাকী খুবেই সতৰ্কতা অৱলম্বন কৰাটো দৰকাৰ৷ দলটোত কাক কাক বনভোজৰ বাবে নিব সেইটো দলপতিৰ ওপৰত নিৰ্ভৰ কৰিব৷ অত্যধিক খঙাল,মদাহী মানুহ দলটোত অংশগ্ৰহনৰ সুবিধা নিদিয়াই মংগলজনক৷

যদি, দুৰণিবটীয়া ঠাই হয় তেনেক্ষেত্ৰত বনভোজখাবলৈ যোৱাসকল শাৰীৰিকভাৱে যাত্ৰাৰ বাবে যোগ্য হয়নে নহয় তাকো নিৰূপণ কৰিব লাগিব৷ কিছুমান মানুহৰ গাড়ীত উঠিলে বমি, মূৰঘূৰণি, মূৰৰ বিষ আদি হোৱা দেখা যায়৷ ইয়াৰোপৰি,বনভোজস্হলীৰ পৰিবেশ বিনষ্ট বনভোজপ্ৰমীৰ দ্বাৰাই হয় ৷ বনভোজ স্হলীত হাই ভলিউমত গীত বজাই এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰি আনন্দত ব্যাঘাত জন্মায় ৷ কিছমানে বনভোজ স্হলীত মদ ভাং খাই হাই কাজিয়া কৰি পৰিবেশো বিনষ্ট কৰে৷ কিছু সংখ্যকে অশ্লীল শব্দ প্ৰয়োগ কৰি বিকট অংগীভংগীৰে নৃত্য কৰিও পৰিবেশ বিনষ্ট কৰা দেখা যায়৷ আনহাতে,বনভোজ খোৱা ঠাইখিনি পৰিস্কাৰ কৰি ৰখাতো অতি প্ৰয়োজন৷ ভোজ খোৱা পাতবোৰ, প্লাষ্টিক গিলাচ আদিবোৰ য’তে ত’তে পেলাই থৈ আহিব নালাগে৷ আমি যদি নিজে য’তে ত’তে এইবোৰ পেলাই থৈ আহো,আমাৰ পিছত সেই ঠাইলৈ বনভোজৰ বাবে যোৱাসকলে ঠাইখনলৈ গৈ বিভিন্ন অসুবিধাৰ সন্মুখীন হব৷ সেয়ে আমি এই দিশত সচেতন নহওঁ তেনেহলে আমাৰ বিনন্দীয়া পৰিবেশ ধ্বংস হবলৈ বেছিদিন নালাগিব৷ মুঠতে,আমি যদি এক সুন্দৰ পৰিবেশ সৃষ্টি কৰি বনভোজস্হলীবোৰ বনভোজ খোৱাৰ উপযোগী কৰি ৰাখোঁ তেতিয়াহে আমি উপকৃত হম৷ সেয়ে,এই দিশত আমি প্ৰত্যেকেই নিজে নিজেই সতৰ্কতা অৱলম্বন কৰা উচিত যাতে মদ ভাং খাই উন্মাদ নৃত্য কৰি অবৰ্জনা জধে মধে যতে ততে পেলাই তাহানিৰ প্ৰকৃতিৰ অপৰূপ সৃষ্টি এই ঠাইবোৰ কলংকিত নকৰো ৷ নহলে আমাৰ জীয়ৰী বোৱাৰীয়ে এই ঠাইবোৰক লৈ এদিন সাধুহে শুনিব  লাগিব৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here