অসম সাহিত্য সভাৰ বিশেষ সম্বৰ্ধনা কবি মৃণাল কুমাৰ বৰাক

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,মৰিগাঁও, মনীষা শৰ্মা, ১১ ডিচেম্বৰঃ যোৱা ৮ ডিচেম্বৰ তাৰিখে  অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কবি সন্মিলন উপ-সমিতিৰ সৌজন্যত মৰিগাঁ‌ও জিলা সাহিত্য সভাৰ কবি সন্মিলন আৰু মায়ং শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত চনকাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কবি সন্মিলনত কাব্য-সাহিত্যৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে উদীয়মান কবি মৃণাল কুমাৰ বৰাক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়।

কেন্দ্ৰীয় কবি সন্মিলনৰ উপ-সমিতিৰ আহ্বায়ক নৱ ৰাজনে আঁ‌তধৰা অনুষ্ঠানটোত কবি মৃণাল কুমাৰ বৰাক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে  অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে। 

উক্ত সন্মিলনত  উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা,  অসমৰ প্ৰবীন কবি অনুভৱ তুলসী, কবি দেৱ প্ৰসাদ তালুকদাৰ, কবি লোকেন্দ্ৰ হাজৰিকা, অসম সাহিত্য সভাৰ  কবি সন্মিলন উপ-সমিতিৰ কাৰ্য্যকৰী সভাপতি নয়ন কাশ্যপ, উপ সভাপতি বৈকুণ্ঠ ৰাজবংশী, পৰাণ বৰুৱা, উপদেষ্টা হেৰেম্ব বৰা, মনোৰমা দাস, আহ্বায়ক মিৰ্জা হুমায়ুন কবিৰ, সহযোগী আহ্বায়ক মনিকা দাস, ওমৰ ফাৰুক ,সদস্য ললিত কুমাৰ, অলকা মহন্ত বৰুৱা প্ৰমুখ্যে বিষয়ববীয়া আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰধান সম্পাদক পিনাকী ভূষণ মহন্ত প্ৰমুখ্যে জিলাৰ বিষয়ববীয়াৰ লগতে মায়ং আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি মিহিৰ হাজৰিকা,  ড0 উৎপল নাথ তথা অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা শতাধিক কবি আৰু স্থানীয় ৰাইজ।

সন্মিলনত বিশিষ্ট সমাজকৰ্মী সুবোধ চৌধুৰী,  ড° ইকবাল হুছেইন খান,  জগন্নাথ কলিতা, প্ৰদীপ চন্দ্ৰ শৰ্মা আৰু ড° ৰমেশ কুমাৰ কাকতিকো সম্বৰ্ধনা জনোৱা হয়।

উল্লেখ্য যে নগাঁও জিলাৰ জুৰীয়া-দগাঁ‌ৱত জন্মগ্ৰহণ কৰা পিতৃ প্ৰয়াত কিনাৰাম বৰা আৰু মাতৃ পূৰ্ণিমা বৰাৰ সুযোগ্য সন্তান মৃণাল কুমাৰ বৰাৰ উক্ত খ্যাতিয়ে সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উদীয়মান কবি মৃণাল কুমাৰ বৰাক শুভাকাংক্ষী তথা একাধিক দল-সংগঠনে অভিনন্দন জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here