পেঙেৰি অঞ্চলত বন্যহস্তীৰ তাণ্ডৱ

0
13

প্ৰাগজ্যোতিষ বাৰ্তা, পেঙেৰি পৰা অৰুণ ভূঞা, ১১ ডিচেম্বৰঃ মাঘেৰিটা বিধানসভা অন্তৰ্গত পেঙেৰিৰ ইনথেম, খাটাংপানী,ৰিতুপথা আদি অঞ্চলৰ গাঁৱত দিনক দিনে বৃদ্ধি পাই আহিছে বনৰীয়া হাতীৰ উপদ্ৰৱ।

ডিগবৈ সংমণ্ডল অধীনত ডিগবৈ বনাঞ্চলৰ পৰা নিতৌ এজাক বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত নিশা গাঁৱলৈ ওলাই আহি খেতিপথাৰ, তামোলগছ আদি নষ্ট কৰে।

বনাঞ্চলটোত নিতৌ গছ গছনি কাটি তহিলং কৰাৰ ফলত বনাঞ্চলৰ মাজত খাদ্য সংকটৰ অভাৱত ওলাই আহিব লগা হয়।

যোৱা ৮ ডিচেম্বৰ, দেওবাৰে নিশা এটা বনৰীয়া হাতীৰ জাকে মুগংৰিতুপথাৰ গাঁৱৰ তিনিটাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে চাউল,শাক পাচলি, ঘৰৰ বিভিন্ন সামগ্ৰী অনিষ্ট কৰে।

গাঁৱৰ ৰাইজে বনবিভাগক বাৰম্বাৰ বনৰীয়া হাতীৰ উপদ্ৰৱৰ কথা জনাই আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ বাবে নিশা হাৰিশ সোনাৰ, তুলি মুৰা আৰু গায়ত্ৰী চবৰৰ তিনিটাকৈ বাসগৃহ ভাঙি থৈ যায়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here