হাঁহচৰাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ

0
1

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং, ১১ ডিচেম্বৰঃ শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত যোৱা ৮ ডিচেম্বৰত হাঁহচৰা মৌজাৰ সিংহদ্বাৰ মণিপুৰী গাৱঁৰ কমিউনিতি হলত বিনামূলীয়া আইন সেৱা সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কটিশ্বৰ সিংহয়ে সজাগতা সভাত অংশ গ্ৰহণ কৰি, আইনৰ সম্পৰ্কত জনসাধাৰণৰ ধাৰণা আৰু পালনৰ সম্পৰ্কত বিষদভাৱে ৰাইজৰ সহজে বোধগম্য হোৱাকৈ সজাগতামূলক বক্তব্য আগবঢ়ায়।

তেখেতৰ লগতে অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ সদ্স্য সচিব সত্যনাথ শৰ্মা উপস্থিত থাকে।

সদস্য সচিবগৰাকীয়ে কয় যে জনসাধাৰণে কেনেকৈ বিনামুলীয়া আইনৰ সুবিধা সমূহ আদায় কৰি নিজকে সুৰক্ষিত কৰিব পাৰি আৰু দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হোৱা পৰিয়ালৰ লোকে MACT উপৰিও জিলা উপায়ুক্তৰ কাৰ্য্যাল্যয়ৰ তৰফৰপৰা দুই লাখ পৰ্যন্ত সাহায্য লাভ কৰাৰ কথা অৱগত কৰে।

সভাত শিৱসাগৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ বিপ্ৰজিৎ ৰয়, চৰাইদেউ অতিৰিক্ত সত্ৰ ন্যায়াধীশ ইমদাদুৰ ৰহমান, শিৱসাগৰৰ সহকাৰী সত্ৰ ন্যায়াধীশ অবাং মিজে,বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যাপক ড° সীমান্ত বৰুৱা, হাঁহচৰা প্ৰেছ ক্লাবৰ সম্পাদক তথা অধিবক্তা দেৱজ্যোতি বৰুৱা, অধিবক্তা দিপিকা নেওগ, আইন সেৱা প্ৰাধিকাৰীৰ সদস্য সচিব বৰ্ণালী গোস্বামী, প্ৰমুখ্য কৰি ভালে সংখ্যক আইন জীৱি, সমাজ সেৱক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

অনুষ্ঠানটি যুটীয়াভাৱে বিৰিঞ্চি সিংহ আৰু অধিবক্তা দিপিকা নেওগে আঁতধৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here