ধেমাজি, জিলা পৰিষদৰ সভাপতি মোহন গগৈ ৰাইজৰ ৰোষত

0
1

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ২১ ডিচেম্বৰঃ সমগ্ৰ ৰাজ্যত CAA বাতীলৰ দাবীৰে উত্তাল পৰিবেশ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে ধেমাজি জিলাতো একে পৰিবেশ দেখিবলৈ পোৱা গৈছে।

ধেমাজি জিলা ,জিলা পৰিষদৰ সভাপতি মোহন গগৈয়ে বৰদলনি উন্নয়ন খণ্ডত অন্তৰ্গত জয়ৰামপুৰ পঞ্চায়ত কাম চাবলৈ যোৱাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজৰ ৰোষত পৰিব লগা হয়।

উক্ত সংগঠনটিৰ বিষয়বয়াই জিলা পৰিষদ সভাপতি মোহন গগৈ ক CAA সম্পৰ্কে নানা প্ৰশ্ন কৰে আৰু বি জে পিৰ পৰা পদত্যাগ কৰিবৰ বাবে দাবী জনাই লগতে CAA বিৰুদ্ধে প্ৰতিবাদত কৰিব বাবে দাবী জনাইছে।আৰু কয় প্ৰথমে জাতি ভেতি মাটি সুৰক্ষাৰ কৰা তাৰ পাছতহে বেপাৰ বা ৰাজনীতি কৰা।

উক্তস্থানৰ পৰা গগৈ ডাঙৰীয়াই গাড়ী লৈ উভতি আহিবৰ বাবে থৰকাছুতি হেৰুৱাব লগা হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here