লংকাত বনৰীয়া হাতীৰ উপদ্রৱঃ লংকাৰ পাৰ্শ্বৱৰ্তী এলেকাৰ তিনিখনকৈ গাঁৱত হাতীয়ে চলালে সন্ত্ৰাস

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২১ ডিচেম্বৰঃ যোৱা নিশা লংকাৰ পাৰ্শ্বৱৰ্তী তিনিখনকৈ গাঁৱত ৬০/৭০ জনীয়া বনৰীয়া হাতীয়ে চলালে সন্ত্ৰাস।

লংকাৰ পাঁচভাণ্ডাৰ,মচকা আৰু লংকাভেটাত নিশা ১১ মান বজাত হাতীৰ এক বৃহৎ জাক সোমাই চলালে উপদ্ৰৱ।

হাতীয়ে গাঁৱ তিনিখনৰ স্হানীয় লোকৰ ঘৰ দুৱাৰ ভাঙি বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে পথাৰৰ মাজত মজুত কৰি ৰখা ধান,বাৰীৰ কলগছ, তামোল গছ ভাঙি তহিলং কৰে ।

লগতে বহুতৰে ভৰাল ভাঙি হাতীয়ে ধান খাই বিস্তৰ ক্ষতিসাধন কৰে । গাঁৱৰ ৰাইজে হাতে হাতে জোঁৰ জুমুঠি লৈ হাতী খেদা সময়ত এজন ব্যক্তিৰ ঘৰৰ চালিত জুইৰ জুমুঠিৰ পৰা জুই লাগি এটি ঘৰো জুইত জাহ জায় ।

লংকা আঞ্চলিক বন বিষয়াৰ অধীনৰ উক্ত অঞ্চলটোত বন বিভাগৰ লোকে হাতী খেদাত ব্যৰ্থ হোৱাৰ কথা চিকাৰ কৰিছে স্হানীয় লোকে ।

নিশা হাতীৰ সন্ত্ৰাসৰ পিছত বৰ্তমান এক হাহাকাৰ অৱস্হাই বিৰাজ কৰিছে উক্ত অঞ্চলটোত।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here