মাৰ্ঘেৰিটাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উকীল সন্থাৰ অৱস্থান ধৰ্মঘট

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, পেঙেৰিৰ পৰা অৰুণ ভূঞা, ২১ ডিচেম্বৰঃ ৰাজ্যৰ চৌদিশে নাগৰিকত্ব সংশোধনী আইন ২০১৯ চমুকৈ ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তেই, আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাতো উকীল সন্থাই মাৰ্ঘেৰিটা মহকুমাৰ ন্যায়িক দণ্ডাধীষ আদালতৰ চৌহদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যত উতাল প্ৰতিবাদ প্ৰতিবাদ, ই আইনত পৰিণত হ’লেও ইয়াক অসম তথা অসমৰ ৰাইজে কেতিয়াও নামানে আৰু উকীল সন্থাই নামানে বুলিও কোৱাৰ লগতে, নাগৰিকত্ব সংশোধনী আইন ‘কা’ বাতিলৰ দাবী জনাই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰাই মহকুমাধিপতিৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here