চামগুৰিত বন্যহস্তীৰ আতংকঃ চামগুৰিত বন্যহস্তীয়ে ভাঙিলে দুটাকৈ বাসগৃহ  

0
8

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২০ ডিচেম্বৰঃ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা এক বন্যহস্তীৰ জাকে ২০ ডিচেম্বৰত নগাঁও জিলাৰ  চামগুৰিত তাণ্ডৱ চলাই দুটাকৈ বাসগৃহ লণ্ডভণ্ড কৰি  আতংকৰ সৃষ্টি কৰে।

জানিব পৰা মতে,  আজি নিশা প্ৰায় দুইমান বজাত  নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অধীনৰ উদমাৰী খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰি অঞ্চলৰ হাঁহচ’ৰা বৰালি গাঁৱৰ নিবাসী ৰঞ্জিত দাস আৰু ভাগ্য দাসৰ বাসগৃহ কেইবাজনীয়া হাতীৰজাকে ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ধান খাই তহিলং কৰাত কৃষক পৰিয়ালকেইটাই শোকত ভাগি পৰা পৰিলক্ষিত হয়।

পিছত বন্যহস্তীকেইটা চাপানলাৰ দিশে গুচি যায় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

আনহাতে আজি পুৱা বন বিভাগৰ লোকক স্থানীয় লোকে খবৰ দিয়ে যদিও বহু পলমকৈ পৰিয়ালকেইটাৰ বাসগৃহ উপস্থিত হৈ ক্ষেত্ৰ পৰিদৰ্শন কৰে বুলি পৰিয়ালৰ লোক জানিবলৈ দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here