প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা মুকুল বাইলুং, ২১ডিচেম্বৰঃ যি সময়ত জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসমৰ সৰ্বত্ৰে প্ৰতিবাদ হৈ থকাৰ সময়তে ১১ ডিচেম্বৰত শিৱসাগৰ জিলাৰ হাঁহচৰা অঞ্চলত তিনি সন্দেহজনক নাগৰিকে ঘুৰি-ফুৰা অৱস্থাত স্থানীয় ৰাইজ আৰু দল সংগঠনে কৰায়ত্ত কৰে।
সন্দেহজনক তিনি নাগৰিকে তেওঁলোকৰ নিজৰ পৰিচয় অজ্ঞাত হোৱাত বাংলাদেশী সন্দেহ কৰি শিৱসাগৰ চেৰেকাপাৰ আৰক্ষী চকীত গতাই দিয়ে।
স্থানীয় ৰাইজ আৰু দল সংগঠনে ধৃত তিনি ব্যক্তিক যথেচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
Facebook Comments