‘আকৌ শৰাইঘাট’ গড়গাঁও কাৰেংঘৰৰ বাকৰিত জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা মুকুল বাইলুং, ২১ডিচেম্বৰঃ আকৌ শৰাইঘাটৰ ৰণ জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ১৪ ডিচেম্বৰত গড়গাঁও কাৰেং ঘৰৰ বাকৰিত বহুকেইটা জাতীয়তাবাদী দল সংগঠন,শিল্পী সমাজ, বুদ্ধিজীৱী, শিক্ষক সমাজ, জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সমবেত হয়।

অতি হিন্দুতবাদ, ধৰ্মীয় মেৰুকৰণেৰে অসমখনত অশান্ত পৰিবেশ সৃষ্টি কৰা শাসনাধিস্থ চৰকাৰে যি জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইনখন অসমত জাপি দি অসমীয়া শাসন আৰু শোষণ কৰিব বিচাৰিছে তাক অসমীয়াই কোনো কাৰণত মানি নলয়, লাগিলে তেজ দিম তথাপিও নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হয়।

শাসনাধিস্থ চৰকাৰখনে অসম চুক্তি ৰূপায়ণৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰে।

নাগপুৰৰ আঠুলোৱা আখ‍্যা দি কঠোৰ বাক‍্যবানেৰে থকা-সৰকা কৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক।

অনাগত দিনৰ ২০২১ চনত ইয়াৰ উত্তৰ ৰাইজে দিব। মাত্ৰ ১৫ টা মাহ অপেক্ষা কৰিবলৈ ৰাইজক অনুৰোধ জনাই।

অসম আৰু অসমীয়া বিৰোধী শক্তিক শেষ নকৰিলে অনাগত দিন বিলাকত আৰু ভয়াৱহ বিপদত পৰিব লাগিব সেয়া ১০০ শতাংশ নিশ্চিত।

সময় থাকোতে ইয়াক শেষ কৰিবৈ লাগিব। এতিয়া জাতি মাটিৰ হকে যি আন্দেলন হৈছে এই আন্দোলন আৰু তীব্ৰতৰ কৰি তুলিবলৈ ৰাইজক অনুৰোধ জনাই সংগঠনকেইটাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here