প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা মুকুল বাইলুং, ২১ ডিচেম্বৰ: মহাপুৰুষীয়া সমাজ, অসম শাখাৰ সভাপতি ত্ৰৈলোক্য দত্তই ২০ ডিচেম্বৰত তাৰিখে পদত্যাগ পত্ৰ দাখিল কৰিছে।
পত্ৰযোগে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে- অসমীয়া জাতিৰ সংকটৰ সময়ত ৰাজ্যৰ বিভিন্ন দল-সংগঠন তথা অন্যান্য ধৰ্মীয় অনুষ্ঠানসমূহকে ধৰি সৰ্বস্তৰত ‘কা’ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে।
সেয়েহে মহাপুৰুষীয়া সমাজ,অসম শাখা সম্পাদক প্ৰধান, মুখ্য উপদেষ্টা, কাৰ্যকৰী সভাপতিকে প্ৰমূখ্য কৰি মূল বিষয়ববীয়াক জনসাধাৰণৰ সপক্ষত অনুষ্ঠানৰ তৰফৰ পৰা এক বিবৃতিৰ লগতে প্ৰতিবাদ জনাবলৈ সভাপতি হিচাবে তেখেতে অনুৰোধ জনোৱাৰ পাছতো কোনো ইতিবাচক সহাঁৰি নোপোৱাত আজি সভাপতি পদৰ পৰা অব্যহতি বিচাৰি পদত্যাগ পত্ৰ দাখিল কৰে।
Facebook Comments