‘কা’ৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত নাৰী শক্তিৰ গৰ্জন-প্ৰতিবাদ

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, পেঙেৰিৰ পৰা অৰুণ ভূঞা, ২৪ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ বিৰুদ্ধে অসমৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ কাৰ্যসূচী চলি থকাৰ সমান্তৰালকৈ আজি আছু আৰু তিশটা জাতীয়জনগোষ্ঠীয় সংগঠনৰ আহ্বানত মাৰ্ঘেৰিটাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগ, মাৰ্ঘেৰিটাৰ বিভিন্ন মহিলা সমিতি, আত্মসহায় গোট তথা স্হানীয় ৰাইজৰ সহয়োগত উওৰ মাৰ্ঘেৰিটাৰ ৰংগমঞ্চত নাৰী গৰ্জন প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী মহিলা সকলে ‘কা’ আমি নামানে,কা আমাক নালাগে, অসম চৰকাৰ হুচিয়াৰ, বিজেপি চৰকাৰ গ বেক, নাৰী শক্তি জিন্দাবাদ ধৱনি দি আকাশ বতাহ কঁপাই তোলে, কেৱল চৰকাৰ বিৰোধী শ্ল’গানে নহয় নাগাৰা,বৰকাহ বজাই হৰিনাম , গীত গাই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰতিবাদ স্হলীত শ্বহীদ হোৱা শ্বহীদলৈও শ্ৰদ্ধাঞ্জলী জনাই।

আনহাতে মাৰ্ঘেৰিটাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিয়ে কয় এসময়ত ৰাজপথত আন্দোলন কৰি গাদী দখল কৰা নেতাসকলে অসম আৰু অসমীয়াৰ কথা নাভাবে কেৱল নিজৰ গাদীৰ কথাহে ভাবে বুলি কয় অসমৰ ৰাইজক এইখন বিৰুদ্ধে মাৰবান্ধি থিয় দিৱলৈ আহ্বান জনায়,লগতে অসম চৰকাৰৰ গাদী স্বাৰ্থ সৰ্বানন্দ সোণোৱালক নাগৰিকত্ব সংশোধনী আইন বাতিলৰ কৰিবলৈ দাবী জনাই ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here