জ‍্যোতি বিষ্ণু কলাঙ্গন অসমৰ উদ‍্যোগত জাতি ধবংসী নাগৰিকত্ব আইন, ২০১৯ৰ বিৰুদ্ধে গীত-মাত আৰু ৰংতুলিকাৰে বৃহৎ প্ৰতিবাদী সভা

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা মুকুল বাইলুং, ২৪ ডিচেম্বৰঃ অসমৰ জাতি-মাটি, ভাষা – সংস্কৃতি , ৰক্ষাৰ বাবে জাতি ধবংসী নাগৰিকত্ব সংশোধনী অইন বাতিলৰ দাবীত অসমৰ সৰ্বাত্ৰে প্ৰতিবাদ হৈ থকাৰ সময়ত নাজিৰা জ‍্যোতি বিষ্ণু কলাঙ্গন অসমে ২২ডিচেম্বৰত মেজেঙা উচ্চতৰ মাধ‍্যমিক বিদ্যালয় খেল পথাৰত ৰাইজ আৰু শিল্পীসকলৰ সহযোগত বৃহত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈ যায়।

অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰে নাজিৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ‍্যক্ষ চৈয়দ মবিদুৰ ইছলাম আৰু সহযোগ কৰে জ‍্যোতি বিষ্ণু কলাঙ্গণ অসমৰ সভাপতি যোগ গগৈয়ে।

সভাত বক্তব‍্য প্ৰদান কৰে চৈয়দ মবিদুৰ ইছলাম, দিলীপ ফুকন সম্পাদক জ‍্যোতি বিষ্ণু কলাঙ্গণ অসম, ওৱাহিদ ইচলাম হাজৰিকা সাধাৰণ সম্পাদক ঐক্য সেনা অসম , সত্য নাৰায়ণ কোঁৱৰ সম্পাদক বৃহত্তৰ বঙালী সমাজ।

বক্তাসকলে তেওঁলোকৰ বক্তব্যত এটাই কথা সজোৰে উত্থাপন কৰিব বিচাৰিছে যে চৰকাৰে জাপি দিয়া নাগৰিকত্ব সংশোধনী আইনখন কোনো কাৰণত গ্ৰহণ কৰিব নোৱাৰে আৰু ৰাইজৰ সহায় সহযোগিতা কামনা কৰে যে যিদিনালৈকে জাতি ধবংসী নাগৰিকত্ব আইন বাতিল নকৰে তেতিয়ালৈকে এই সংগ্ৰাম অব‍্যাহত হৈ থাকিব লগতে ২০২১ চনত ভোটাধিকাৰ সাব্যস্ত কৰি বিজেপি চৰকাৰক উচিৎ শিক্ষা দিয়াৰ কথাও উল্লেখ কৰে।

কণ্ঠশিল্পীসকল ৰাজীৱ শদিয়া , লোহিত গগৈ, প্ৰভাৱ কোঁৱৰ , প্ৰবীণ হাজৰিকা, অৰূপ দত্ত , কুকি কোঁৱৰ, অমিয়া নেউগ কলিতা আৰু মনোজ বৰুৱা।

কণ্ঠশিল্পীসকলে গীতৰ জৰিয়তে প্ৰতিবাদ সাৱ্যস্ত কৰে। কবি আৰু আবৃত্তিকাৰ নিজৰা সন্দিকৈ ফুকন, অনুৰাগ শৰ্মা, কুমুদ কলিতা আৰু চৈয়দ ওৱাহিদ তাজ।

আবৃত্তিকাৰ দেশপ্ৰেম, জাতিপ্ৰেম কবিতা দ্বাৰা ফুটি উঠে। চিত্ৰ শিল্পী ৰিদিপ বৰুৱা, বিজয় গগৈ, অৰুণ কোঁৱৰ, তপন গগৈ, অংকুৰ নাথ, হিমাংশু গগৈ, ভাস্কৰ জ‍্যোতি গগৈ, চয়নিকা গগৈ, খগেন বুঢ়াগোহাঁই, টিদিপ ফুকন আৰু অসীম কুমাৰ গগৈ।

চিত্ৰ শিল্পীসকলেও ৰংতুলিকাৰে প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ শেষত চিত্ৰ শিল্পীসকলে অংকন কৰা নিজৰ নিজৰ চিত্ৰসমূহ ভাষিক বৰ্ণনা আগবঢ়োৱা লগতে উপস্থিত সংগীত শিল্পী সকলক নিজ হাতে উপহাৰ দি প্ৰতিবাদ সাব্যস্ত কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here