হোজাই জিলাৰ ডবকাৰ আমবাৰী নোৱাবিলত উত্তপ্ত পৰিস্থিতিঃ অবৈধ কাঠফলা মিল জব্দ কৰাক লৈ বনকৰ্মীক আক্ৰমণ বন মাফিয়াৰঃ বন মাফিয়াক উদ্দেশ্যি গুলী নিক্ষেপ বনকৰ্মী আৰু আৰক্ষীৰ

0
9

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূেপন্দৰ সিং বাবু, ২৪ ডিচেম্বৰঃ হোজাই জিলাৰ ডবকাৰ আমবাৰী নোৱাবিলত সংঘটিত হৈছে এক গুলীয়াগুলীৰ ঘটনা৷

বন মাফিয়া আৰু বনকৰ্মীৰ মাজত সংঘটিত হৈছে এই ঘটনা৷বন বিভাগৰ লোকে অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ যাওঁতেই সংঘটিত হৈছে এই ঘটনা৷

২৩ ডিচেম্বৰত গাঁওখনত অবৈধভাৱে চলি থকা এটা কাঠফলা মিল জব্দ কৰিছিল ডবকা বন বিভাগৰ বিষয়াসহ বনকৰ্মীৰ এটা দলে৷

লগতে ঠাইখনৰ পৰা অবৈধ কাঠৰ কুণ্ডাসমূহ জব্দ কৰিবলৈ বনকৰ্মীৰ লোকে অভিযান চলাওঁতেই বন মাফিয়াৰ দলটোৱে লাঠি, ৰড, শিল আদিৰে আক্ৰমণ কৰে বনকৰ্মীৰ দলক৷

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ বনকৰ্মীক উদ্ধাৰৰ চেষ্টা কৰোতেই পুনৰ আক্ৰমণ কৰে বন মাফিয়াৰ দলটোৱে৷

উক্ত আক্ৰমণত আৰক্ষী সহ বনকৰ্মীৰ কেবাজনো গুৰুতৰভাৱে আহত হয়৷

অৱশেষত আঠ জাইকৈ গুলী ফুটাই বনকৰ্মী আৰু আৰক্ষীৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷

বনকৰ্মীৰ গাড়ীতো অগ্নিসংযোগ কৰাৰ চেষ্টা কৰে বন মাফিয়াসকলে৷

বনকৰ্মী সুৰজ আলী,পেয়াৰ আৰু আৰক্ষী বেটেলিয়ন বিতোপন নাথ গুৰুতৰভাৱে আহত হয়৷

ইয়াৰে বিতোপন নাথৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here