ব্লেক কাৰ্পেট মিছ ইণ্ডিয়া ২০১৯ গ্ৰেণ্ড ফাইনেল সম্পন্ন

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ২৪ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীৰ কাহিলিপাৰা স্হিত জ্যোতিচিত্ৰবনত ৮ ডিচেম্বৰ তাৰিখে ব্লেক কাৰ্পেট মিছ ইন্ডীয়াৰ গ্ৰেন্ড ফাইনেল অনুষ্ঠিত হয়৷

ৰাজ্যৰ ২৫ গৰাকী প্ৰতিযোগীয়ে প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰে৷

ইয়াৰে ভিতৰত বিচাৰকে প্ৰিয়ংকা মান্নাক ২০১৯ৰ বিজয়ী হিচাপে ঘোষণা কৰে৷

আনহাতে তামান্না দাস প্ৰথম, শেৱালি কলিতা দ্বিতীয় ৰাণাৰ্ছ আপ নিৰ্বাচিত হয়।

গ্লৰিয়া বৰাক ব্লেক কাৰ্পেট মিছেছ্ ইণ্ডিয়াৰ বিজয়ী হিচাপে ঘোষণা কৰা হয়৷

এই শাখাত নৱনীতা প্ৰথম আৰু ললিতাই দ্বিতীয় ৰাণাৰ্ছ আপৰ স্থান দখল কৰে।

কাৰভেকাছ ২০১৯ৰ শৰ্মিলা দাস বিজয়ী হয় আনহাতে ৰুনুমী কৌশিক প্ৰথম, শানচিতা চক্ৰৱৰ্তীক দ্বিতীয় ৰাণাৰ্ছ আপ হিচাপে ঘোষণা কৰে৷

আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত কৃষ্টি দাসে ফলাফলসমূহ জানিবলৈ দিয়ে৷

প্ৰথম বিজয়ীক এক লাখ টকা নগদ ধনৰে পুৰস্কৃত কৰিব বুলি সদৰী কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here