শংকৰদেৱ কলাক্ষেত্ৰত দুৰ্বৃত্তৰ আক্ৰমণক তীব্ৰ গৰিহণা ‘পিপিএফএ’ৰ

0
51

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী , ২৪ ডিচেম্বৰঃ অসমৰ শিল্প-কলা-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুৰ্বৃত্তৰ আক্ৰমণ আৰু ধ্বংসলীলাক তীব্ৰ গৰিহণা দি দুষ্কৃতিকাৰীসকলক দৃষ্টান্তমূলক কঠোৰ শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাইছে ‘পেট্ৰিয়টিক পিপলছ্ ফ্ৰন্ট, অসম’ (পিপিএফএ)য়ে৷

এক প্ৰেছ বিবৃতিযোগে ‘পিপিএফএ’ই কয় যে, মহাপুৰুষ শংকৰ-মাধৱৰ প্ৰতি শ্ৰদ্ধাৰ্ঘৰ শৰাইৰূপে প্ৰতিষ্ঠিত এই অনুষ্ঠান অসমৰ শিল্প-সংস্কৃতি-সাহিত্য জগতৰ দুই কিংবদন্তিপুৰুষ ডঃ ভূপেন হাজৰিকা আৰু ডঃ ভৱেন্দ্ৰ নাথ শইকীয়াৰ সৈতেও স্মৃতিবিজড়িত হৈ অসমীয়াৰ আৱেগ আৰু স্বাভিমানৰ প্ৰতীকত পৰিণত হৈছে৷

গতিকে এনে অনুষ্ঠানৰ ওপৰত আক্ৰমণ আৰু ধ্বংসলীলা চলোৱাৰ ঘটনাক কোনো অসমীয়াই নীৰৱে সহ্য কৰিব নোৱাৰে৷

স্মৰ্তব্য যে যোৱা ১১ ডিচেম্বৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ নামত দুষ্কৃতিকাৰীৰ দলে কলাক্ষেত্ৰৰ চৌহদত সোমাই মাধৱদেৱ প্ৰেক্ষাগৃহ লণ্ড-ভণ্ড কৰাৰ লগতে গোটেই চৌহদজুৰি ধ্বংসলীলা চলায় ৷

ইতিমধ্যে আৰক্ষীয়ে ‘পপুলাৰ ফ্ৰন্ট অব ইণ্ডিয়া’ নামৰ ইছলামিক সন্ত্ৰাসবাদী গোট এটাৰ সৈতে জড়িত বহুকেইজনকে গ্ৰেপ্তাৰ কৰিছে৷

বাকীবোৰকো শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি শাস্তি বিহিবলৈ দাবী জনাইছে ‘পিপিএফএ’ই৷

লগতে প্ৰতিবাদৰ নামত মহানগৰীৰ ৰাজপথ আৰু ইয়াৰ দুয়োকাষে ধ্বংসলীলা চলাই ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন কৰাসকলৰ পৰাই চৰকাৰে ক্ষতিপূৰণ আদায় কৰক বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ‘পিপিএফএ’ই ৷

সমদলৰ মাজতে ৰাজপথত দ’ম-দ’ম শিলগুটি আৰু গছৰ কুণ্ডাৰ আগমণেও এক পূৰ্বপৰিকল্পিত ষড়যন্ত্ৰৰেই আভাস দিয়ে ৷

এই বিষয়েও চৰকাৰে খৰতকীয়া তদন্ত চলোৱা উচিত বুলি ‘পিপিএফএ’ই দাবী জনায়৷

অসমৰ শিল্প-কলা-সংস্কৃতি জগতৰ প্ৰাণকেন্দ্ৰস্বৰূপ শংকৰদেৱ কলাক্ষেত্ৰত দুৰ্বৃত্তৰ আক্ৰমণ আৰু ধ্বংসলীলাৰ ঘটনাত অসমীয়া শিল্পী-সাহিত্যিক-বুদ্ধজীৱী সমাজৰ ৰহস্যময় নীৰৱতা আৰু আজিলৈকে এই বিষয়ে প্ৰতিবাদ সাব্যস্ত নকৰাৰ কথাটোতো আশ্চৰ্য প্ৰকাশ কৰিছে ‘পিপিএফএ’য়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here