(কবিতা)———-শ্বহীদ———-

0
38

                       -ড০ বিভা ৰাণী কলিতা

দিনান্তত ৰ’দৰ বিলাপ
নিশাৰ বুকুত হেৰাই গ’ল
তাৰ তেজৰ উত্তাপ।
সৌৱা দূৰ সীমনাত
ৰণুৱা ঘোঁৰাই চেকুৰিছে
থৰে থৰে পৃথিৱী কঁপিছে।
দূৰত তাৰ প্ৰতিবাদী মাত
তেজে ধোৱা সেউজীয়া দলিচাত।
তেজৰ চেকুৰবোৰত তাৰ অন্তিম উশাহ
বৰ অসহ্যকৰ হৃদয়ৰ শেষ মাত ।।

নিজম নিস্তব্ধ হৈ পৰি ৰ’ল
সেই ঘৰমুৱা পখী ….
যি গ’ল গ’লেই নিশাটো সাৱটি
আৰু চাগে নাহিব উভতি ।

ভাৱ আবেগবোৰৰ মাজত
তুমি হ’লা জ্বলন্ত সময়ৰ সাক্ষী…
তোমাৰ স্বাভিমান হৈ ৰ’ল
জনতাৰ হৃদয়ত আজীৱন বন্দী।
তুমি গায় গ’লা জীৱনৰ শেষ গান
পৰাণত তোমাৰেই তেজে ধোৱা নাম …..
সাঁচি ৰাখিম আমি চিৰদিন চিৰকাল ……
হে শ্বহীদ, তোমাক শত শত প্ৰণাম ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here