চামগুৰিত বিনামূলীয়া পাঠ্যপুথি  বিতৰণৰ  শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন

0
2

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২৪ ডিচেম্বৰঃ চামগুৰিৰ বাজিয়াগাঁওস্থিত ৰূপহী প্ৰাথমিক শিক্ষাখণ্ডত আজি নগাঁও জিলাখনৰ ভিতৰতে প্ৰথম কাৰ্য্যসূচী  হিচাপে  ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ  শুভাৰম্ভণি অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হয়৷

ৰূপহী প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক বিষয়া কাৰ্য্যালয়ৰ সভাকক্ষত আজি পৰিদৰ্শক আব্দুল কাচেমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে ননী দাসগুপ্তাই৷

সভাত জিলা আঁচনি বিষয়া মুস্তাফাৰ হুছেইন, সহ পৰিদৰ্শক নেপাল শীল, শিক্ষক সন্মিলনীৰ চৌকত আলি, প্ৰাক্তন শিক্ষক জামাল উদ্দিন আহমেদকে প্ৰমুখ্যে কৰি কেইবাগৰাকীও গণ্যমান্য লোকে ভাষণ প্ৰদান কৰে৷

আজি ৰূপহী শিক্ষাখণ্ডৰ অন্তৰ্গত পাঁচখনকৈ  বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক আনুষ্ঠানিকভাৱে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰে৷

নতুন শিক্ষা বৰ্ষত সকলো ছাত্ৰ-ছাত্ৰীয়ে ৩ জানুৱাৰীৰ ভিতৰত বিনামূলীয়া পাঠ্যপুথি যোগান পাবলৈ অহা ২৬ ডিচেম্বৰৰ পৰা শিক্ষাখণ্ডটোৰ অন্তৰ্গত ২২ টা ক্লাছটাৰত সমল ব্যক্তিসকলৰ জৰিয়তে বিদ্যালয়সমূহক পাঠ্যপুথি  বিতৰণ কৰিব বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে ৰূপহী শিক্ষাখণ্ডৰ অন্তৰ্গত ২১ গৰাকীকৈ সমল ব্যক্তি আজিৰ গুৰুত্বপূৰ্ণ  অনুষ্ঠানটোত উপস্থিত থাকিব লাগিছিল যদিও অধিকাংশ সমল ব্যক্তি উপস্থিত নাথাকি নিজৰ দায়িত্ব আৰু গুৰুত্বহীনতাৰ পৰিচয় দাঙি ধৰাত  সভাই ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হয়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here