লিডু বামাকেম্পত পথ দুৰ্ঘটনাঃ থিতাতে নিহত তিনিজন

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, পেঙেৰিৰ পৰা অৰুণ ভূঞা, ২৬ ডিচেম্বৰঃ তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী থানাৰ অন্তৰ্গত বামাকেম্পৰ সমীপত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙ্গলবাৰ ২৪ ডিচেম্বৰৰ দুপৰীয়া পথ দুৰ্ঘটনা সংঘটিত হোৱাত চাঞ্চল্য সৃষ্টি হয়।

তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়াত থিতাতে কৰুণ মৃত্যুক সাৱটি লয় তিনিজনকৈ মটৰ চাইকেল আৰোহীয়ে লাকলা কাংকান গাঁৱৰ নিবাসী গোবিন টায়ে(৪৫), অচিনী নব(৫০) আৰু মাজুলীৰ জিতেন দলে(৪০) বুলি জানিবলৈ পৰা গৈছে।

আনফালে স্কুটিৰে অহা মহিলা গৰাকী গুৰুতভাৱে আহত হয় ।

দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰখন উক্ত স্হানৰ পৰা পলাই যাবলৈ সক্ষম হয়।

প্ৰত্যক্ষদৰ্শীৰ মতে, জাগুন পৰা মাৰ্ঘেৰিটাৰ দিশে গৈ থকা এখন ডাম্পাৰে মহতিয়াই নিয়ে বাইক আৰোহীকেইজনক।

দুৰ্ঘটনাত পতিত হোৱা এখন নম্বৰ বিহীন স্কুটি আনখন স্প্লেণ্ডাৰ এ এছ ২৩ ই অ’ ৮৬৬৩ নম্বৰ।

ঘটনাস্হলীত লিডু আৰক্ষীৰ এটা দলে উপস্হিত হৈ আহত মহিলা গৰাকীক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে।

নিহত তিনিজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বৰ্তমান লিডু, মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে ডাম্পাৰখনৰ অনুসন্ধান অব্যাহত ৰাখিছে যদিও কোনো ধৰণৰ সম্ভেদ লাভ কৰা নাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here