চামগুৰিত বিজেপিৰ  ‘সুশাসন দিৱস’ সভাত আছুৰ প্ৰতিবাদ

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২৫ ডিচেম্বৰঃ নগাঁও জিলাৰ  চামগুৰি ভেলেউগুৰিত আজি ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্মদিনটি ‘সুশাসন দিৱস’ হিচাপে পালন কৰা দিনটোতে এফালে বিজেপি জিন্দাবাদ আনফালে মুৰ্দাবাদ ধ্বনিৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি হয়৷

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলি আৰু বিধায়ক ৰিতুপৰ্ণ বৰুৱাৰ উপস্থিতিতে চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাই জয় আই অসম ধ্বনিৰে এক সমদল যাত্ৰা কৰি আহি অনুষ্ঠানস্থলিত প্ৰৱেশ কৰে আৰু বিজেপি মুৰ্দাবাদ ধ্বনীৰে পৰিৱেশ উত্তাল কৰি তোলে৷

পৰৱৰ্তী সময়ত বিজেপিৰ কৰ্মকৰ্তাসকলে বিজেপি জিন্দাবাদ ধ্বনি দিয়াত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হোৱাৰ সময়তে সীমা সুৰক্ষা বাহিনীৰ জোৱান সহ চামগুৰি আৰক্ষী উক্ত স্থানত উপস্থিতি হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷

পাছত ছাত্ৰ সন্থাৰ প্ৰতিবাদী সদস্যসকলে সেই স্থান ত্যাগ কৰাত সুশাসন দিৱসৰ অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হয়৷

ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত ভেলেউগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আজি দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা সুশাসন দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰে বিজেপিৰ বাজিয়া মণ্ডলৰ সভাপতি বিৰেন শইকীয়াই৷

সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলি,বিধায় ৰিতুপৰ্ণ বৰুৱা,কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া,দীলিপ গায়ন,ৰীতা বৰা,মনিকা দাস বৰা,পিন্টু ডেকা,ধ্ৰুৱজ্যোতি মহন্ত,নিৰমাই দাস,প্ৰণতি দাধৰা সহ বহু সংখ্যক বিজেপিৰ নেতা উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷

ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শুভাৰম্ভ কৰা সভাখনত প্ৰায় শতাধিক ৰাইজ উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here