২৭ ডিচেম্বৰৰ ১২ ঘণ্টীয়া অসম বন্ধ কাৰ্য্যসূচী ৩০ ডিচেম্বৰলৈ পিছুৱালে

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা মুকুল বাইলুং, ২৭ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবী আৰু আন্দোলনত কাৰাবন্দী হৈ থকা সকলো নেতা কৰ্মীক বিনাচৰ্তে মুক্তিৰ দাবীত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ আৰু ৰাজ্যখনৰ দহোটাকৈ জাতীয় সংগঠনে আহ্বান জনোৱা ২৭ তাৰিখৰ ১২ ঘণ্টীয়া অসম বন্ধৰ কাৰ্য্যসূচী ৩০ ডিচেম্বৰলৈ পিছুৱাই দিয়া বুলি সংগঠনটো নেতৃত্বই সংবাদ মাধ্যমলৈ এক প্ৰেছ বিজ্ঞপ্তি যোগ এই কথা সদৰী কৰিছে ।

সংগঠটোৰ নেতৃত্বই এই কথাও অৱগত কৰিছে যিসকল জাতীয় সংগঠনৰ নেতা কৰ্মীক গ্ৰেপ্তাৰ কৰি ৰাখিছে তেওঁলোকক বিনাচৰ্তে মুকলি কৰি দিব লাগে অন‍্যথা অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব।

সংগঠনটোৱে জনোৱা মতে ২৭ ডিচেম্বৰত বহু শিক্ষাৰ্থীৰ পৰীক্ষা চলি থকাৰ বাবে ৩০ ডিচেম্বৰত ১২ ঘণ্টায়ী অসম বন্ধ ঘোষণা কৰিছে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here