হাঁহচৰা মজলীয়া বিদ্যালয়ৰ শৈক্ষিক ক্ষেত্ৰত প্ৰশংসনীয় প্ৰদক্ষেপ

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা মুকুল বাইলুং, ২৭ ডিচেম্বৰঃ শিৱসাগৰ জিলাৰ ভিতৰতে অন্যতম শিক্ষা অনুষ্ঠান হাঁহচৰা মজলীয়া বিদ্যালয়।

এই বিদ্যালয়ৰ প্ৰাধান শিক্ষক ৰবীন বৰুৱাৰ নেতৃত্বত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকলৰ নিজা প্ৰচেষ্টাত হাঁহচৰা মজলীয়া বিদ্যালয়ে ২০২০ বৰ্ষৰ পৰা শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশৰ উন্নত মানৰ প্ৰতি লক্ষ্য ৰাখি ২৬ ডিচেম্বৰত আনুষ্ঠানিকভাৱে এলানি বিশেষ সুবিধা মুকলি কৰিছে।

এই সুবিধা অনুসৰি ১ম শ্ৰেণীৰপৰা অষ্টম শ্ৰেণীলৈকে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰতিজন কৃতি ছাত্ৰ-ছাত্ৰীক নগদ ধনেৰে পুৰস্কৃত কৰাৰ লগতে বিনামূলীয়া কম্পিউটাৰ শিক্ষা, খেলা-ধূলা সুবিধা, পুথিভঁৰালৰ ব্যৱস্থা, মূল্যায়নৰ বহী আদি কৰি সুবিধাসমূহ বিনামুলীয়াকৈ লাভ কৰিব পাৰিব।

উক্ত অনুষ্ঠানৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে চেৰেকাপাৰ শিক্ষা মণ্ডলৰ সমল ব্যক্তি ত্ৰিনয়ণ বড়াই।

অনুষ্ঠানত উপস্থিত থাকে- হাঁহচৰা প্ৰেছ ক্লাৱৰ সম্পাদক তথা অধিবক্তা দেৱজ্যোতি বৰুৱা আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰবীন বৰুৱাৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকল ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here