গুৱাহাটী প্ৰেছ ক্লাবত মিডিয়া অ’পিডি সম্পন্ন

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ৩০ ডিচেম্বৰঃ  ৰাজ্যখনৰ আগশাৰীৰ চিকিৎসালয় এপল’ হস্পিটেলৰ উদ্যোগত শনিবাৰ, ২৮  ডিচেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্য-সাংবাদিকসকলৰ বাবে এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।   

শিবিৰত সাংবাদিকসকলে অভিজ্ঞ চিকিৎসক ডাঃ অদ্বৈত অৱতাৰ চক্ৰৱৰ্তী (মেডিচিন) আৰু ডাঃ জয়দীপ ঘোষ(অৰ্থ, স্নায়ু বিশেষজ্ঞ)ৰ পৰা স্বাস্থ্য  সম্পৰ্কীয় পৰামৰ্শ লাভ কৰাৰ লগতে  ৰক্ত চাপ,  চুগাৰ  আৰু  পালচ পৰীক্ষাৰ সুবিধা লাভ কৰে।

প্ৰায় ২০গৰাকী  সাংবাদিকে  অংশগ্ৰহণ কৰা  শিবিৰত  চিকিৎসালয়খনৰ ৰশ্মিতা শৰ্মাৰ লগতে স্বাস্থ্য কর্মী কবিতা নাথ আৰু লালচিম কিম উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here