৫১ টা মেজিয়ে মাঘ বিহুক আদৰিবলৈ সাজু হাঁহচৰা চাংমাই আৰু বাইলুং চেতিয়া গাঁৱৰ ৰাইজ

0
2

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং, ৩০ ডিচেম্বৰঃ  শিৱসাগৰ জিলাৰ অন্যতম বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল হাঁহচৰা।

হাঁহচৰা চাংমাই গাঁও আৰু ৰাইলুং চেতিয়া গাঁৱৰ ৰাইজৰ উদ্যোগত অহা ১৫ আৰু ১৬ জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুস্থিত হ’বলগীয়া মাঘ বিহুৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। য’ত প্ৰজ্বলিত হ’ব ৫১ টা মেজি।

উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে, ১৫ জানুৱাৰী পুৱা ৫১ টা মেজি জ্বলোৱাৰ পাছতে পৰম্পৰাগত খেল ধেমালি আৰু শিশুসকলৰ মাজত পৰম্পৰাগত সাজ-পাৰ প্ৰতিযোগিতা আৰম্ভ হ’ব।

১৬ জানুৱাৰীত শিক্ষাবিদ দুৰ্লভ বুঢ়াগোহাঁইৰ সঞ্চালনাত দিনৰ ১২ বজাৰ পৰা আলোচনা চক্ৰ অনুস্থিত হ’ব।

আলোচনা চক্ৰত ভৰত চন্দ্ৰ চেতিয়া, প্ৰাক্তন অধ্যক্ষ, হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নিৰঞ্জন চেতিয়া, প্ৰাক্তন অধ্যক্ষ, হাঁহচৰা কণিষ্ঠ মহাবিদ্যালয়, বুলু চেতিয়া, সভাপতি নাজিৰা প্ৰেছ ক্লাৱ, মুকুল চেতিয়া, অধ্যাপক, পাটসাঁকো মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ।

সন্ধিয়া নিমন্ত্ৰীত শিল্পীৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়া অনুস্থিত হ’ব।

সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰিব বীৰ লাচিত মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° সীমান্ত বৰুৱাই।

উদযাপন সমিতিয়ে উক্ত কাৰ্য্যসূচীসমূহত ৰাইজৰ উপস্থিতি কামনা কৰা হৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here