প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ৩০ডিচেম্বৰঃ সমগ্ৰ অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বীলোকেৰে গঠিত অসমৰ খিলঞ্জীয়া মানুহ ৰাজপথলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই অহাৰ সমান্তৰালকৈ মাৰ্ঘেৰিটাটো ইয়াৰ ব্যতিক্ৰম নহয়।
ওলাই অহাৰ মূল উদ্দেশ্য এটাই যে, অসমৰ ভাষা-সংস্কৃতিৰ পৰিচয়-অস্বিত্বৰ প্ৰতি ভাবুকি আহিছে।
অবৈধ বাংলাদেশীৰ ৰক্ষক,অসম চুক্তিক উলংঘা কৰা,খিলঞ্জীয়াৰ বিৰোধী তথা অসাংবিধানীক “কা” বিজেপি চৰকাৰে অসমৰ নাগৰিকৰ ওপৰত জাপি দিয়াৰ বাবেই ৰাইজ আজি ৰাপথলৈ ওলাই আহি চৰকাৰ বিৰোধী মাৰ্ঘেৰিটা গৰ্জন শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে।
আছুৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা মহকুমাবাসীৰ সহযোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।উল্লেখ্য যে,জাতি ধ্বংসী আইন “কা” লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱাৰ সময়ৰ পৰাই অসমত যেন আৰম্ভ হ’ল এক জনজাগৰণ।
“জন জাগৰণ” নাইবা “গণজাগৰণ” যি নামেৰেই নামাকৰণ নকৰা নহওক কিয় জাতিৰ লগতে নিজৰ মাতৃভাষাৰ সুৰক্ষাৰ বাবে প্ৰতিবাদলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা।
অসমৰ গাঁৱে-ভূঞে জীয়ৰী-বোৱাৰীৰ গাত নাই ভোগালী বিহুৰ তৎপৰতা,ভোগালী আনন্দক ম্লান কৰি হ’লেও অসমীয়া ৰাইজৰ এটাই দাবী “কা” ৰূপ লোৱা নাগৰিকত্ব সংশোধনী বিল আমাক নালাগে।
অসমৰ জাতি মাটি ভেটি সুৰক্ষাৰ শ্ল’গান আওৰাই ক্ষমতাৰ গাদীত বহা চৰকাৰৰ পৰা অসমৰ ৰাইজৰ প্ৰতি তথা অসমীয়া ভাষাৰ ই এক চৰম বিশ্বাসঘাতকতা বুলি সকলোৱে যেন একেমূখে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে।