প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ৩০ডিচেম্বৰঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত চলা আন্দোলনত আৰক্ষীৰ গুলীত নিহত পাঁচজন শ্বহীদক যোৱা কালি সন্ধিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিয়ে ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।
স্হানীয় ৰাইজৰ উপস্হিতিত যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ৰ সন্মূখত শ্বহীদক স্মৰণ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত আৰক্ষীৰ নিৰ্বিচাৰ গুলীচানত নিহত হোৱা দিপাঞ্জল দাস, ছেম ষ্টেফৰ্ড, দীজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক, আব্দুল আলীম পঞ্চ শ্বহীদৰ আত্মাৰ সদগতিৰ কামনাৰে মৌন প্ৰাৰ্থনা কৰে।
শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকি ডিগবৈ শিল্পী নয়নমণি দত্ত, প্ৰিয়ংকা হাজৰিকা আৰু মঞ্জিল হাজৰিকাকে আদি কৰি কেইবাজনো লোকে বক্তব্য আগবঢ়াই।
উল্লেখযোগ্য যে ডিগবৈ যিসমূহ ব্যবসায় প্ৰতিষ্ঠানৰ চাইন বৰ্ড আৰু বেনাৰত অসমীয়া ভাষা ব্যৱহাৰ নকৰি অন্য ভাষা ব্যৱহাৰ কৰি আছে সেইসমূহক তিনিদিনৰ ভিতৰত আঁতৰাই অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।
অন্যথা যুৱ ছাত্ৰ পৰিষদে নিজা বববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ডিগবৈ আঞ্চলিক সমিতিৰ যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক মঞ্জিল হাজৰিকাই জানিব দিয়ে।