চামগুৰিত কংগ্ৰেছৰ ‘কা’ বিৰোধী প্ৰতিবাদ

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ৩০ ডিচেম্বৰঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি ভাৰতীয় জাতীয় কংগ্ৰেছে নগাঁও জিলাৰ  চামগুৰিত ৰূপায়ণ কৰিলে জাতীয় অস্তিত্ব ৰক্ষাৰ জন জগৰণ সভা৷

আজি কংগ্ৰেছ দলৰ নেতা- কৰ্মীসহ প্ৰায় সহস্ৰাধিক কা‘ বিৰোধী প্ৰতিবাদী ৰাইজে সদিয়াৰ পৰা ধুবুৰীলৈকে এক বিশাল পদযাত্ৰা কৰি আহি দলটোৱে চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাত উপস্থিতহৈ অস্তিত্ব ৰক্ষাৰ এখন বিশাল জন-জাগৰণ সভা অনুষ্ঠিত কৰে৷

অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সভাত উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম প্ৰভাৰী হৰিশ ৰাৱাত উপস্থিত থাকি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনক সমালোচনা কৰে।ৰাজ্য তথা কেন্দ্ৰত থকা বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰি জাতি ধ্বংসী কাৰ্যত লিপ্ত হোৱা বিষয়টো ক্ষুৰধাৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

বৰাই সমালোচনা কৰি কয় বিজেপি চৰকাৰে লাখ লাখ বিদেশী মানুহৰ বোজা আমাক জাপি দিব বিছাৰিছে‌।ভাষণ প্ৰসংগত বৰাই কয় ইতিহাসে কৈছে যে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত কংগ্ৰেছ দলে বিভিন্ন সময়ত কাম কৰি আহিছে।

অসমীয়া জাতিৰ ৰক্ষাৰ বাবে কংগ্ৰেছ দলে গোপীনাথ বৰদলৈৰ নেতৃত্বত আন্দোলন কৰি সফলতা লাভ কৰাৰ উদাহৰণ আছে।

উল্লেখ যে যোৱা ২২ ডিচেম্বৰৰ পৰা শদিয়াৰ আৰম্ভ হোৱা অস্তিত্ব ৰক্ষাৰ জনজাগৰণ সভাৰ অংশ হিচাপে আজি চামগুৰিত অনুষ্ঠিত হোৱা বিশাল জনজাগৰণ সভাত বিধায়িকা অজন্তা নেওগ,বিধায়ক নুৰুল হুদা,সাংসদ গৌৰৱ গগৈ উপস্থিত থকাৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ সিদ্ধাৰ্থ ভট্ৰাচাৰ্য উপস্থিত থকাৰ উপৰিও তপন শৰ্মাকে ধৰি প্ৰদেশ কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ বহু কেইগৰাকী বিষয়ববীয়াই অংশ গ্ৰহণ কৰে৷

সাংসদ গৌৰৱ গগৈয়ে নিজৰ ভাষনত কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘কা’ আইন বাতিলৰ বাবে দাবী উত্থাপন কৰক আৰু নোৱাৰিলে অসম আৰু অসমৰ ৰাইজৰ স্বাৰ্থত যদি সাহস আছে পদত্যাগ কৰক৷

লগতে তেওঁ কয় যে কংগ্ৰেছ শাসনত থাকক বা নাথাকক, সদায় ৰাইজৰ স্বাৰ্থত কংগ্ৰেছে ‘কা’ আইন কেতিয়াও মানি নলয় ৷

অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই আঁট ধৰা সভাখনত প্ৰাক্তন মন্ত্ৰী অজন্ত নেওগ আৰু ৰকিবুল হুছেইনেও ভাষন প্ৰদান কৰে৷

পৰৱৰ্তী সময়ত জন জাগৰণ সভাত উপস্থিত থকা নেতা-কৰ্মী সহ সকলো ‘কা’ বিৰোধী প্ৰতিবাদী ৰাইজে চামগুৰিৰ পৰা পদযাত্ৰা কৰি সন্ধ্যা প্ৰায় ৫ বজাত ভেলেউগুৰিস্থিত ৰাজহুৱা পুথি ভঁৰালত উপস্থিত হৈ দ্বিতীয়খন সভাত অনুষ্ঠিত কৰে৷

পদযাত্ৰীসকলক চামগুৰি হাঁহচৰা অঞ্চলৰ বহু সংখ্যক প্ৰতিবাদী যুৱক-যুৱতীয়ে জোৰলৈ সমদল কৰি সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here